Inauguration Circut House : সৰুপথাৰত আৱৰ্ত ভৱন উদ্বোধন বিধায়ক বিশ্বজিৎ ফুকনৰ

By

Published : Nov 24, 2021, 9:14 PM IST

thumbnail

প্ৰায় দুটা দশকৰ পিছত সৰুপথাৰ পদুমণিত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আৱৰ্ত ভৱনৰ ৷ সুদীৰ্ঘ 17 বছৰৰ পাচত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা আৱৰ্ত ভৱনটো বুধবাৰে মুকলি কৰে সৰুপথাৰত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে (MLA Biswajit Phukan inaugurates circuit house) ৷ উল্লেখ্য যে, ২০০৪ চনতে নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হোৱা এই আৱৰ্ত ভৱনটো বিভিন্ন কাৰণত নিৰ্মাণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাছিল । কিন্তু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) সহায় সহযোগিতাত বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে সৰুপথাৰৰ আৱৰ্ত্ত ভৱনটো (Sarupathar Circuit House ) ৷ অতি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱনটিত ভি ভি আই পি, ভি আই পি তথা বিভিন্ন অতিথি থাকিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা উপলব্ধ । তাৰোপৰি নৱ-নৰ্মিত আৰ্ৱত ভৱনটোত সভা আদি অনুষ্ঠিত কৰিব পৰাকৈ সুকীয়াকৈ নিৰ্মাণ কৰাও হৈছে সভা কক্ষ ৷ প্ৰাপ্ত তথ্য অনুসৰি, নৱ-নিৰ্মিত এই আৱৰ্ত ভৱনটো ধনশিৰি মহকুমা প্ৰশাসনে (Dhanshiri subdivision administration) চোৱা-চিতা কৰিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.