যোৰহাটত অইলৰ পাইপত অগ্নিকাণ্ড

By

Published : Jan 23, 2022, 1:49 PM IST

thumbnail

যোৰহাটৰ অইলৰ পাইপত সংঘটিত হৈছে অগ্নিকাণ্ড (Massive Fire in oil pipe in Jorhat) ৷ যোৰহাটৰ উজনি টীম তিমিয়াৰ চৰ্দাৰ আলিৰ সমীপৰ পথাৰত ONGC ৰ তেল পৰিবাহী পাইপলাইনৰ পৰা সূত্ৰপাত ঘটিছে জুইৰ ৷ অগ্নিকাণ্ডটোৰ ফলত নিমিষতে ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল ৷ কিন্তু জুইৰ সূত্ৰপাত কেনেদৰে ঘটিল, সেয়া এই মূহুৰ্তলৈকে ঠাৱৰ কৰিব পৰা নাই ৷ ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপণৰ চেষ্টা অব্যাহত ৰাখিছে ৷ এই জুই নিৰ্বাপিত নহ’লে বহু দূৰলৈকে বিয়পি পৰাৰ সম্ভাৱনা আছে ৷ অন্যথা বাঘজানৰ দৰে কাণ্ড সংঘটিত হোৱাটোও নুই কৰিব নোৱাৰি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.