Massive Fire in Golaghat : গোলাঘাটৰ খুমটাইত অগ্নিকাণ্ড

By

Published : Dec 23, 2021, 9:33 AM IST

thumbnail

গোলাঘাট খুমটাইৰ নগাঁও অঞ্চলত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (massive fire at Khumtai) ৷ টিকেনজিৎ গগৈ নামৰ এগৰাকী শিক্ষকৰ ঘৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, শিক্ষকগৰাকীৰ ঘৰত থকা ধান খেৰৰ ওপৰত বিদ্যুতৰ তাঁৰ ছিগি পৰাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে (fire occured due to broke out of electric wire) ৷ ভঁৰালটোৰ ক্ষতিসাধন হোৱাৰ লগতে সমস্ত ধান খেৰ জুইত জাহ যায় ৷ অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত বাসগৃহটোলৈ জুই বিয়পি নোৱাৰিলে ৷ পিছত ঘটনাস্থলীত গোলাঘাট অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.