এটা ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত: অখিল

By

Published : Oct 5, 2021, 9:59 AM IST

thumbnail

এক ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ উপ নিৰ্বাচনৰ প্ৰসংগৰে দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ সোমবাৰে মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে অখিল গগৈয়ে ৷ ইয়াৰ পাছতেই গগৈয়ে এক ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত বুলি উল্লেখ কৰে ৷ অৱশ্যে তেওঁ সাধাৰণ ৰাইজৰ সুবিধাৰ বাবে মাজুলী যোৰহাট সংযোগী জাহাজৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷ তেওঁ লগতে এতিয়া যিদৰে ফেৰী সেৱা চলাচল কৰিছে তাৰবাবে সাধাৰণ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে বুলি উল্লেখ কৰে । খাদ্য সামগ্ৰীকে আদি কৰি আন আন সামগ্ৰী অনাত অসুবিধা আহি পৰিছে বুলিও জানিবলৈ দিয়ে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷ তেওঁ অতি সোনকালে আৰু ফেৰী দিবৰ বাবে চৰকাৰক অনুৰোধ জনায় । ইয়াৰ উপৰিও গগৈয়ে কয় যে অসমৰ জাতীয় জীৱনক অপমান কৰিলে তেওঁ যিয়েই নহওক লাগে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে । দুটা জাতিৰ মাজত কাজিয়া লগাবলৈ যদি কোনো লোকে মন্তব্য কৰে তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে বুলি সদৰি কৰে অখিল গগৈয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.