শোণিতপুৰত অবৈধ বিলাতী সুৰা জব্দ

By

Published : Jul 7, 2021, 9:51 AM IST

thumbnail

শোণিতপুৰৰ লোকৰাঞ্চলত মঙলবাৰে আবকাৰী (Excise Department) আৰু আৰক্ষী (Assam Police)ৰ দলে যুটীয়া অভিযান চলাই বহু পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে । আবকাৰী (Excise Department) আৰু আৰক্ষী (Assam Police)ৰ এটা দলে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাসমূহত ক’ৰণা মহামাৰীয়ে (Covid 19) ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তো একাংশ কাণ্ডজ্ঞানহীন লোকে অবৈধভাৱে চলাই গৈছে সুৰাৰ ৰমৰমীয়া বেহা ৷ মঙলবাৰে পুৱা ৰঙাপৰা আবকাৰী বিভাগে (Rangapara Excise Department) চাৰিদুৱাৰ আৰক্ষী থানা (Chariduar Police Station) এলেকাৰ লোকৰা, চিলনী, বুঢ়াচাপৰি অঞ্চলত অভিযান চলাই কেইবা কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰে ৷ জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব ৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি তেজপুৰৰ এই অঞ্চলত আবকাৰী বিভাগে (Excise Department) তীব্ৰতৰ কৰি তুলিছে সুৰা বিৰোধী অভিযান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.