টেঙাখাতৰ আৰ্তজনৰ কাষত সমাজকৰ্মী ৰাজীৱ সিংহ বৰা

By

Published : Jun 8, 2021, 10:17 AM IST

thumbnail

আংশিক লক ডাউনৰ বাবে সৰ্বত্ৰে এতিয়া এক হাহাকাৰ পৰিস্থিতি । এফালে কৰ’ণাৰ আতংক, আনফালে দৰিদ্ৰ লোকসকলৰ মাজত জীয়াই থকাৰ সংগ্ৰাম । এনে এক দুৰ্যোগৰ সম‌য়তে বিভিন্ন স্থানত হৃদয়বানসকলে আৰ্তজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে । ডিব্ৰুগড়ত আৰ্থিকভাৱে পিছপৰা লোকসকলৰ মাজত বিগত এমাহৰ পৰা সহায়ৰ হাত আগবঢ়াই আহিছে টেঙাখাতৰ এগৰাকী যুৱ সমাজকৰ্মী ৰাজীৱ সিংহ বৰাই । বিগত প্ৰায় ডেৰ মাহে জিলাখনৰ ভিন্ন গাঁৱত আৰ্থিকভাৱে পিছপৰা লোকসকলৰ মাজত তেওঁ খাদ্য সামগ্ৰী বিতৰণ কৰি আছে । উল্লেখ্য যে, মহামাৰী নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ নতুন ক’ভিড নিৰ্দেশনাসমূহৰ বাবে বৰ্তমান বহু পৰিয়াল সংকটত পৰিছে । এনে দুৰ্যোগৰ সময়ত এতিয়া ৰাজীৱ সিংহ বৰাৰ বদান্যতাক সচেতন মহলে শলাগিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.