আত্মহত্যা নে আন কিবা; কাজিৰঙাত বনকৰ্মীৰ মৃত্যুৱে সৃষ্টি কৰিছে ৰহস্যৰ

By

Published : Sep 19, 2021, 3:45 PM IST

thumbnail

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত কৰ্মৰত অৱস্থাত প্ৰৱীণ শইকীয়া নামৰ বনকৰ্মীজনৰ গুলীবিদ্ধ হৈ মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে ৰহস‍্যৰ । উল্লেখযোগ্য যে, শনিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাফলুং বন সুৰক্ষা শিৱিৰৰ বন কৰ্মীজনে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে একাংশই । কিন্তু পৰিয়ালে লোকে বনকৰ্মী জনৰ মৃত্যু সহজভাৱে মানি ল'ব পৰা নাই । জানিবপৰা মতে, পত্নীৰ স’তে কথা পতাৰ এঘণ্টাৰ পাছতেই প্ৰবীণ শইকীয়াই আত্মহত্যা কৰা বুলি কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা বক্তব্যত সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৱে । চাকৰি জীৱন শেষ কৰিবলৈ মাত্ৰ দুটা বছৰ থকাৰ সময়তে কিহৰ দুখত বনকৰ্মীগৰাকীয়ে আত্মহত্যা কৰিলে তাকলৈও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । সম্প্ৰতি মৃত প্ৰৱীণ শইকীয়াৰ পুত্ৰই কৰা মন্তব্যই বিষয়টোৰ সৰ্ন্দভত ৰসহস্যৰ সৃষ্টি কৰি তুলিছে । আনহাতে, নিশা মৃত্যুৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীক উদ‍্যান কৰ্তৃপক্ষই বাধা প্ৰদান কৰা বিষয়টোৱেও অধিক সন্দেহজনক কৰি তুলিছে ঘটনাটোক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.