অসমৰ মুখ্যমন্ত্ৰীৰ গালত পূৰ্ণহতীয়া চৰ নিৰ্বাচন আয়োগৰ : ভূপেন বৰা

By

Published : Oct 27, 2021, 10:25 PM IST

thumbnail

ভবানীপুৰ সমষ্টিৰ সৰুপেটা ভাৰেগাঁৱৰ নিবাসী বীৰ শ্বহীদ দিলীপ দাসৰ ঘৰত বুধবাৰে উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ দিলীপ দাসৰ বাসগৃহত শ্বহীদগৰাকীৰ এটা আৱক্ষ মূৰ্তি উদয় উদ্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । বৰাই লগতে সমষ্টিটোৰ লোকৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ভূপেন বৰাই উদ্বোধনী অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ আগত কয় যে, আজিৰ দিনটোত অসমৰ ৰাজনীতিত এটা ক’লা দিন ৷ যিখন মুখ্যমন্ত্ৰীৰ চকীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ বহিছিল, সেইখন চকীত বহি থকা মুখ্যমন্ত্ৰীয়ে আজি নিৰ্বাচনী বিষয়াৰ আগত কংগ্ৰেছ অভিযোগৰ ভিত্তিত আঁঠু লৈ ক্ষমা বিচাৰিবলগীয়া হৈছে ৷ তেওঁ এইদৰে নিৰ্বাচনী বিষয়াৰ আগত ক্ষমা খোজাটো অসমৰ নিৰ্বাচন আয়োগৰ অসমৰ মুখ্যমন্ত্ৰীৰ গালত পূৰ্ণহতীয়া চৰ বুলি মন্তব্য কৰিছে ভূপেন বৰাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.