অ’মিক্ৰণৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ৰাজ্য চৰকাৰ: মুখ্যমন্ত্ৰী

By

Published : Jan 3, 2022, 10:54 PM IST

thumbnail

ক'ভিড-19ৰ পিছত দেশত এতিয়া আৰম্ভ হৈছে অ’মিক্ৰণ ভাইৰাছৰ সন্ত্ৰাস । দেশৰ বহুকেইখন ৰাজ্যত অ’মিক্ৰণত আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পাছত সোমবাৰে দুলীয়াজানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অ’মিক্ৰণক লৈ উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হয় । মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, যিহেতু গুৱাহাটী, কলিকতা, দিল্লী, মুম্বাইৰ মাজত ৰেল আৰু বিমানৰ দ্বাৰা সঘন যোগাযোগ আছে, গতিকে অসমত অমিক্ৰণ নহ'ব বুলি ক'ব নোৱাৰি । অসমত অ’মিক্ৰণ হ'ব বুলি সকলোৱেই সাজু হোৱাৰ বাবে ক'ভিড ভেকচিন সকলোকে লবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয়, তিনিদিনৰ অন্তৰে অন্তৰে চৰকাৰে অমিক্ৰণৰ সকলো দিশ পৰ্যৱেক্ষণ কৰি আছে । অ’মিক্ৰণৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ সাজু (Himanta Biswa Sarma on Omicron) । অ’মিক্ৰণ আৰম্ভ হ'লে চৰকাৰে নতুন SOP দিব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.