লাভলীনালৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

By

Published : Jul 21, 2021, 9:30 AM IST

Updated : Jul 21, 2021, 11:58 AM IST

thumbnail

টকিঅ' অলিম্পিক গ্ৰাউণ্ডত উপস্থিত হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ জীয়ৰী তথা বক্সাৰ লাভলীনা বৰগোঁহাই ৷ বক্সাৰ লাভলীনাক উৎসাহিত কৰাৰ উদ্দেশ্যে বুধাবাৰে গুৱাহাটী লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় এক চাইকেল ৰেলী ৷ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত উলিওৱা হয় এই ৰেলী ৷ চাইকেল ৰেলীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী কয় যে, এইবাৰ টকিঅ' অলিম্পিকত বক্সিং প্ৰতিযোগিতাত লাভলীনাই ভাৰতক প্ৰতিনিধিত্ব কৰিব ৷ লাভলীনাই হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া ৷ লাভলীনাই হৈছে উত্তৰ-পূৱৰ দ্বিতীয় গৰাকী মহিলা বক্সাৰ আৰু অসমীয়া হিচাপে অলিম্পিকলৈ যোৱা প্ৰথম গৰাকী অসমীয়া জীয়ৰী ৷ লাভলীনাক আশীৰ্বাদ তথা উৎসাহ দিয়াৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই অনুষ্ঠানত লাভলীনাৰ পিতৃ-মাতৃও উপস্থিত থাকে ৷

Last Updated : Jul 21, 2021, 11:58 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.