Exam question paper leaked in Goalpara : ছমহীয়া পৰীক্ষাতো নুগুচে বেমেজালি !

By

Published : Nov 30, 2021, 5:16 PM IST

thumbnail

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিকৰ পৰীক্ষা দূৰৰে কথা বিদ্যালয়ৰ ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰাতো চূড়ান্ত হেমাহি একাংশ বিদ্যালয় কৰ্তৃপক্ষৰ । বৰ্তমান চলি থকা নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত ৰাজ্যৰ বিভিন্ন স্থানত পৰীক্ষাৰ পূৰ্বেই ফাদিল হৈছে প্ৰশ্নকাকত । গোৱালপাৰাৰ কেইবাখনো বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় (Question paper leaked in Goalpara)। জিলাখনৰ কাৰবালা উচ্চ মাধ্যমিক বিদ্যালয়, পৃথিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত ফাদিল হৈছে নৱম আৰু দশম শ্ৰেণীৰ প্ৰশ্ন কাকত(Exam question paper leaked in Karbala school) । বিদ্যালয়কেইখনত দশম শ্ৰেণীৰ পৰীক্ষাত পৰীক্ষাৰ্থীৰ হাতত পৰিল নৱম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নকাকত(10th Class question paper leaked in Goalpara) । আনহাতে নৱম শ্ৰেণীৰ পৰীক্ষাত ওলাল দশম শ্ৰেণীৰ প্ৰশ্নকাকত । শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰশ্নকাকত দিয়াৰ পাচতে স্পষ্ট হৈ পৰে সমগ্ৰ বিসংগতি । আশ্চৰ্যজনকভাৱে এই ঘটনা জিলাখনৰ তিনিখন বিদ্যালয়ত সংঘটিত হোৱাৰ পাছতো গোৱালপাৰা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে কোনো মন্তব্য প্ৰকাশ কৰা নাই । কেৱল এয়াই নহয়, পৰীক্ষাৰ দিনটোতো কাৰবালা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত নাই প্ৰধান শিক্ষক নুৰুল ইছলাম । প্ৰশ্নকাকক ফাদিল হোৱাৰ পাচতে বাতিল হয় দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা । কষ্টেৰে পঢ়া-শুনা কৰাৰ পাচতে হঠাতে পৰীক্ষা বাতিল হোৱাত নিৰাশ হৈ পৰিছে পৰীক্ষাৰ্থীসকল ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.