Election at Dibru college : নিৰ্বাচনক কেন্দ্ৰ কৰি ডিব্ৰু মহাবিদ্যালয়ত মাৰপিট

By

Published : Dec 25, 2021, 1:27 PM IST

thumbnail

ঐতিহ্যমণ্ডিত ডিব্ৰু মহাবিদ্যালয়ত ছাত্ৰ সমাজৰ দুটা ফৈদৰ মাজত নিৰ্বাচনক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত (Clashes between two groups during election) ৷ শুকুৰবাৰে নিশা সংঘটিত এই কাজিয়াই নিৰ্বাচনৰ ফলাফলৰ পিছতে মাৰপিটলৈ পৰিণত হয় ৷ মহাবিদ্যালয়খনৰ কেইবাজনো ছাত্ৰক আঘাতপ্ৰাপ্ত অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় (Students of Dibru College involved in election centered clash) ৷ পিছত ঘটনাস্থলীত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষককে ধৰি আৰক্ষী আৰু চিআৰপিএফৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ উল্লেখ্য যে, ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নৱ নিৰ্বাচিত সভাপতি গৌৰাংগ কোঁৱৰ, সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি সোণোৱাল আৰু উপ-সভাপতি বিশাল ঘোষ ৰাজনৈতিক দলৰ সমৰ্থিত প্ৰাৰ্থী বুলি অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াকে লৈ ছাত্ৰ সমাজৰ দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ আঘাতপ্ৰাপ্ত আটাইকেইজন আছু সমৰ্থিত সদস্য বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.