পাৰপত্ৰ প্ৰদানৰ দাবীত AJYCP ৰ প্ৰতিবাদ

By

Published : Aug 22, 2021, 8:14 AM IST

thumbnail

প্ৰতিবাদমুখৰ হৈ পৰিল অসম-অৰুণাচল প্ৰদেশৰ ডিৰাক গেট ৷ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ কাকপথাৰস্থিত ডিৰাক গেটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পাৰপত্ৰ প্ৰদানৰ দাবীত এক প্ৰতীকী চেকগেট কাৰ্যসূচী গ্ৰহণ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত কাকপথাৰ, ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ প্ৰৱেশ কৰা প্ৰতিখন গাড়ীৰ নাম পঞ্জীয়ন কৰি প্ৰতীকী আৰ্হিত এই কাৰ্যসূচী হাতত লয় ৷ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণৰ লগতে তিনিচুকীয়া জিলা সমিতি, কাকপথাৰ, ডুমডুমা আঞ্চলিক সমিতিৰ প্ৰায় দুই শতাধিক সদস্যই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷ অন্যথা ইয়াতকৈ অধিক জংগী আন্দোলন কৰিব বুলি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.