নিকি তম্ব'লি, হিনা খানৰ শেহতীয়া গতিবিধি বন্দী কেমেৰাত

By

Published : Apr 21, 2021, 9:29 PM IST

thumbnail

মায়ানগৰী মুম্বাইৰ আশে-পাশে থকা বি' টাউনৰ সুন্দৰী অভিনেত্ৰী নিকি তম্ব'লি আৰু হিনা খানৰ শেহতীয়া গতিবিধি ধৰা পৰিল সাংবাদিকৰ কেমেৰাত । মিকি মাউচ প্ৰিণ্টেড চাৰ্ট আৰু ক'লা ট্ৰাউজাৰ পৰিহিত অৱস্থাত দেখা যায় দিশা পাৰমাৰক । শেহতীয়াকৈ, মাধন্যা নামৰ এটা মিউজিক ভিডিঅ'ত প্ৰেমিক ৰাহুল বৈদ্যৰ সৈতে দেখা গৈছিল দিশা পাৰমাৰক । আনহাতে, লখণ্ডৱালাত দেখা পোৱা গৈছে অভিনেত্ৰী নিকিতা ৰাৱালক । বিগ বছৰ অন্যতম প্ৰতিযোগী নিকি তম্ব'লিক মুম্বাইৰ বিমানবন্দৰত পৰম্পৰাগত পোছাকত দেখা গৈছে । আনহাতে, হিনা খানে পিতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে মুম্বাইৰ বিমানবন্দৰত অৱতৰণ কৰিছে । হৃদৰোগত আক্ৰান্ত হৈ বিগত ২০ এপ্ৰিলত হিনা খানৰ পিতৃৰ মৃত্যু হৈছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.