Anti-drug protest in Bihpuria: ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথত নামিল এখন গাঁৱৰ যুৱকৰ দল

By

Published : Feb 27, 2023, 5:17 PM IST

thumbnail

বিহপুৰীয়া,২৭ ফেব্ৰুৱাৰী: মুখ্য়মন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচতে ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs mission in Assam) । ইতিমধ্যে অসম আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে কোটি কোটি টকাৰ ড্ৰাগছ (Drugs worth crores of rupees seized across Assam) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰিছে হাজাৰ হাজাৰ ড্ৰাগছৰ গোচৰত অভিযুক্ত ব্যক্তিক (Anti-drug protest in Bihpuria) । তথাপিও কিন্তু আৰক্ষীৰ চকুত ধূলি দি একাংশ সৰবৰাহকাৰীয়ে চলাই মাৰাত্মক ড্ৰাগছ বৰবিহৰ প্ৰচলন । ইয়াৰ বাবে প্ৰতিদিনে ব্যৱহাৰ কৰিছে ন ন কৌশল । সমান্তৰালভাৱে বিভিন্ন প্ৰান্তত চলি আছে ড্ৰাগছৰ প্ৰচলন । 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে, সম্প্ৰতি বিহপুৰীয়াৰ চুকে-কোণেও ড্ৰাগছৰ অবাধ প্ৰচলন পৰিলক্ষিত হৈছে ৷ এই ড্ৰাগছৰ কৱলত বিহপুৰীয়াৰ পৰি শ শ যুৱক বিপথে পৰিচালিত হৈছে । নগৰ অঞ্চলৰ পৰা গ্ৰাম্যাঞ্চললৈ প্ৰসাৰিত হোৱা এই ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে বিভিন্নজন । এইবাৰ এই ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে বিহপুৰীয়াৰ এখন গাঁৱৰ যুৱকে (People of a village protest against drugs in Bihpuria) ।

সোমবাৰে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ দক্ষিণ দিশৰ ২ নম্বৰ দহঘৰীয়াৰ একাংশ যুৱক প্ৰতিবাদত নামিল ড্ৰাগছৰ বিৰুদ্ধে । চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লক্ষ্যৰে এই প্ৰতিবাদ সাব্যস্ত কৰা এইসকল যুৱকে প্ৰতিবাদৰ দ্বাৰাই অসমৰ আৰক্ষী প্ৰশাসনৰ নিলিপ্ত ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ ইয়াৰ লগতে আৰক্ষীয়ে গ্ৰাম্যাঞ্চলত ড্ৰাগছৰ আৰু অবৈধ চুলাই বেহা চলোৱাত একাংশ লোকক হাত উজান দিয়াৰ অভিযোগ উত্থাপন কৰে । 

উল্লেখযোগ্য যে, কিছুদিন আগতে গাঁওখনত দুজন ড্ৰাগছৰ লগত জড়িত লোকক হাতে-লোটে ধৰি আৰক্ষীক চমজাই দিছিল । কিন্তু আৰক্ষীয়ে দুই যুৱকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । তাৰ পিচতেই সোমবাৰৰ দিনটোত স্থানীয় যুৱকসকলে এক অভিনৱ প্ৰতিবাদ সাব্য়স্ত কৰি কঁপাই তোলে অঞ্চলটো । 

লগতে পঢ়ক: AAP Protest at Guwahati : মনীষ ছিচোডিয়াৰ মুক্তিৰ দাবীত বিজেপি কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ আপৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.