ETV Bharat / health

গুৱাহাটীত বৃদ্ধি পাইছে জলাতংক ৰোগ; চিন্তিত মহানগৰবাসী - Rabies

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 9:25 PM IST

RABIES: গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে জলাতংক ৰোগ ৷ মহানগৰীৰ বিভিন্ন স্থানৰ বাটৰ কুকুৰৰ দেহত ধৰা পৰিছে জলাতংক ৰোগ । এই সন্দৰ্ভত কুকুৰৰ জন্মনিয়ন্ত্ৰৰ ওপৰত কাম কৰি অহা বেচৰকাৰী সংস্থা JBFৰ প্ৰতিষ্ঠাপক তথা কাৰ্যবাহী ন্যাসৰক্ষী ডাঃ শশাংক শেখৰ দত্তই ইটিভি ভাৰতৰ আগত ক’লে এনেদৰে..

rabies-cases-are-increasing-in-guwahati
গুৱাহাটী বৃদ্ধি পাইছে জলাতংক ৰোগ; চিন্তিত মহানগৰবাসী (ETV BHARAT ASSAM)

ডাঃ শশাংক শেখৰ দত্ত (ETV BHARAT ASSAM)

গুৱাহাটী, ১৮ মে’: গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে জলাতংক ৰোগ । মহানগৰীৰ বিভিন্ন স্থানৰ বাটৰ কুকুৰৰ দেহত ধৰা পৰিছে জলাতংক ৰোগ । জলাতংক ৰোগত আক্ৰান্ত হোৱা কুকুৰে কামোৰাৰ ফলত ইতিমধ্যে মহানগৰীত এগৰাকী ছয় বছৰীয়া শিশুৰো মৃত্যু হৈছে ।

শেহতীয়াকৈ বিৰুবাৰী, লেম্বৰোড, বশিষ্ঠ, নাৰেংগী হাউচিং, দক্ষিণগাওঁ, নয়নপুৰত জলাতংকত আক্ৰান্ত বাটৰ কুকুৰে কেইবাগৰাকীও লোকক কামুৰিছে । দীৰ্ঘদিন ধৰি জলাতংক ৰোগ আৰু কুকুৰৰ জন্মনিয়ন্ত্ৰৰ ওপৰত কাম কৰি অহা বেচৰকাৰী সংস্থা JBFৰ প্ৰতিষ্ঠাপক তথা কাৰ্যবাহী ন্যাসৰক্ষী ডাঃ শশাংক শেখৰ দত্তই কয় যে, বিগত বহু বছৰ ধৰি জলাতংক ৰোগ ৰোধৰ ওপৰত কাম কৰি আহিছো ৷ বিগত ৬ মাহত যিমান জলাতংকৰ ৰোগত আক্ৰান্ত বাটৰ কুকুৰ পাইছো, আগতে কেতিয়াও পোৱা নাছিলো । কি কাৰণত বৃদ্ধি হৈছে জানিব পৰা হোৱা নাই ।

আনহাতে, গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা এই সংস্থাটোৱে খবৰ পোৱাৰ পিছতে কুকুৰক উদ্ধাৰ কৰিবলৈ যোৱা আগতে মাৰি পেলোৱা হৈছে বুলি ডাঃ শশাংক শেখৰ দত্তই জানিবলৈ দিয়ে । শেহতীয়াকৈ জলাতংক ৰোগৰ লক্ষণ দেখা দিয়া ৫ টা কুকুৰ উদ্ধাৰ কৰাৰ লগতে মৃত্যু হোৱাৰ পিছত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত ৰিপৰ্টত জলাতংক ৰোগত মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে । বৰ্তমান সকলোৰে বাবে এয়া এক চিন্তনীয় কথা ।

বৰ্তমান সাধাৰণ জনতাৰ চৰকাৰলৈ এটায়ে অনুৰোধ যাতে জলাতংক ৰোগৰ বাবে তেনে সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো উচিত ৷

আনহাতে, জি এম চি এইচৰ পৰা পোৱা তথ্য অনুসৰি GMCHত এন্টিৰেবিচৰ ভেকচিন জানুৱাৰীত 2531জনক দিয়া হৈছে । 2023ৰ মে'ৰ পৰা ডিচেম্বৰলৈ 13445 জনক এন্টিৰেবিচৰ ভেকচিন দিয়া হৈছে ।

লগতে পঢ়ক: Dog Biting: যদি আপোনাক কুকুৰে কামোৰে তেন্তে এই ভুলবোৰ কৰাৰ পৰা বিৰত থাকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.