ETV Bharat / state

AAP Protest at Guwahati : মনীষ ছিচোডিয়াৰ মুক্তিৰ দাবীত বিজেপি কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ আপৰ

author img

By

Published : Feb 27, 2023, 3:34 PM IST

মনীষ ছিচোডিয়াক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিজেপি কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ আপৰ নেতা-কৰ্মীৰ (Aam aadmi party protest at Guwahati) ৷ শতাধিক নেতা-কৰ্মীক আটক ৷ প্ৰতিবাদস্থলীত মোতায়েন আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক ৷

Aam aadmi party protest at Guwahati
আম আদমী পাৰ্টিৰ প্ৰতিবাদ

আম আদমী পাৰ্টিৰ প্ৰতিবাদ

গুৱাহাটী, 27 ফেব্ৰুৱাৰী : মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আম আদমী পাৰ্টিৰ প্ৰতিবাদ (Aam aadmi party protest at Guwahati ) । দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচোডিয়াক গ্ৰেপ্তাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আপ, অসমে । দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিচোডিয়াক দেওবাৰৰ দিনটোত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই 8 ঘণ্টা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পিছতেই সমগ্ৰ দেশতে আপে গ্ৰহণ কৰা পৰিলক্ষিত হয় প্ৰতিবাদী কাৰ্যসূচী (AAP protest at Guwahati against Manish Sisodia arrest) ৷

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে আবকাৰী নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীক । ইয়াৰ বিৰোধিতাৰে আজি আম আদমী পাৰ্টিয়ে দেশজুৰি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে । গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপি কাৰ্যালয়ৰ পৰা প্ৰায় শতাধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি লৈ যায় চচলৰ প্ৰতিবাদস্থলীলৈ । প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে সোমবাৰে দিনৰ ১১ বজাত বশিষ্ঠ চাৰিআলিৰ দিশৰ পৰা প্ৰতিবাদী সমদল উলিয়াই বিজেপি কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে প্ৰতিবাদী মিছিলটোক । উল্লেখ্য যে, নৱনিৰ্মিত বিজেপি কাৰ্যালয়ৰ সমুখত আজি আৰক্ষীৰ লগতে মোতায়েন কৰা হৈছিল অৰ্দ্ধসমৰিক বাহিনীৰ জোৱানো ৷

প্ৰতিবাদকাৰী সকলে ভুৱা পুঁজিপতি তথা দেশৰ কোটি কোটি ধন কুক্ষিগত কৰা গৌতম আদানীকো গ্ৰেপ্তাৰৰ দাবী তোলে ৷ বৰ্তমান সময়ত শাসক পক্ষই সম্পূৰ্ণ স্বৈৰাচাৰিতাৰে গণতন্ত্ৰৰ টেঁটু চেপিবলৈ অহৰহ যত্ন কৰিছে বুলি অভিযোগ তোলে প্ৰতিবাদকাৰী সকলে ৷ বিৰোধীৰ কণ্ঠ আক্ৰোশমূলক ভাৱে ৰোধ কৰিব বিচৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি কয় প্ৰতিবাদকাৰী সকলে ।

এই প্ৰতিবাদ আৰম্ভ হোৱাৰ লগে লগেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে আৰক্ষীয়ে আটক কৰি চোঁচৰাই বগৰাই লৈ যায় প্ৰতিবাদকাৰী সকলক। ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰো সৃষ্টি হয় । প্ৰতিবাদকাৰী‌ সকলক আটক কৰি চচলৰ ধৰ্ণা স্থলীলৈ লৈ যোৱা হয় ।

উল্লেখ্য যে, দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ পিছতে এয়া আবকাৰী নীতিৰ গোচৰৰ নামত চিছোদিয়াক "ভুক্তভোগী" সজোৱা হৈছে বুলি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱালে দেওবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । এই গোচৰৰ দ্বাৰা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীগৰাকীৰ ওপৰত হাৰাশাস্তি চলোৱা হৈছে বুলিও কয় নেতাগৰাকীয়ে ৷ উল্লেখনীয় যে, আজি দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : Delhi liquor scam case update: আজি মনীষ চিছোদিয়াক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.