ETV Bharat / state

মন্ত্ৰী যোগেন মোহনৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ আটাছুৰ - Atasu Central Foundation Day

ATASU 36th central foundation day : অহা 14 আৰু 15 জুলাইত আটাছুৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে ৷ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত বৰলাইপুলিত হ’ব এই অনুষ্ঠান ৷

ATASU CENTRAL FOUNDATION DAY
মন্ত্ৰী যোগেন মোহনৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ আটাছুৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 18, 2024 at 8:31 AM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া, 18 জুন : সোমবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ত সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ এখনি সাধাৰণ সভা সম্পন্ন কৰা হয় ৷ তাৰ পিচতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক ভাস্কৰ বৰগোঁহাই, কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ আৰু সভাপতি মিলন বৰগোঁহাইৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনৰ অন্তত এখন সংবাদমেল সম্বোধন কৰে ৷

মন্ত্ৰী যোগেন মোহনৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ আটাছুৰ (ETV BHARAT ASSAM)

সাধাৰণ সভাৰ সিদ্ধান্তসমূহ সংবাদমেলত অৱগত কৰি কয় যে অহা 14 আৰু 15 জুলাইত সংগঠনটোৰ 36 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত বৰলাইপুলিত আয়োজন কৰা হ’ব ৷ তাৰ পিচতে আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত নিৰৱ ভূমিকা লোৱা আহোম জনগোষ্ঠীৰ মন্ত্ৰী, বিধায়ক, সাংসদৰ ঘৰ ঘেৰাও কাৰ্যসূচী ঘোষণা কৰা হ’ব ৷ এই কাৰ্যসূচী অনুসৰি, অহা 20 আগষ্টত প্ৰথম মন্ত্ৰী যোগেন মোহনৰ ঘৰ ঘেৰাও কৰা হ’ব ৷

পৰৱৰ্তী সময়ত জনজাতিকৰণৰ দাবীত জিলাই জিলাই এলানি কাৰ্যসূচী ঘোষণা কৰা হৈছে ৷ প্ৰয়োজন অনুসৰি এই কাৰ্যসূচী দিছপুৰ আৰু দিল্লীৰ স্বাৰস্থ কৰা হ’ব ৷ সমান্তৰালকৈ এই বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ পৰাই প্ৰতিবছৰে আটাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অসমৰ এগৰাকী সাংবাদিকক আটাছুৰ প্ৰাক্তন সভাপতি ডামচাও অশ্বিনী কুমাৰ চেতিয়াৰ সোঁৱৰণিত "ব্ৰজকণ্ঠ" বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইতিমধ্যে এই বৰ্ষৰ বঁটা প্ৰদানৰ বাবে এখন কমিটী গঠন কৰি দিছে সংগঠনটোৱে ৷

ইফালে, আটাছুৰ নতুন কেন্দ্ৰীয় সমিতি গঠন হোৱাৰ পৰাই সংগঠনৰ নিস্ক্ৰিয় ভূমিকাৰ বাবে যুটায়া সম্পাদক অচ্যুত বুঢ়াগোহাঁইৰ পদ কৰ্তন কৰা হয় ৷ এতিয়াৰে পৰা সংগঠনটোত এগৰাকীয়ে সম্পাদক থাকিব আৰু মুখ্য উপদেষ্টা দুলাল বৰুৱাকো সময় দিব নোৱাৰাৰ বাবে স-সন্মানে অৱসৰ প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক: জখলাবন্ধাৰ হেমপ্ৰভাৰ দোকানত চাহৰ জুতি ল'লে স্বাস্থ্যমন্ত্ৰীয়ে - Subhadras Spiral Potato