ETV Bharat / sports

চিন্নস্বামীত মৰণপন যুঁজত বেংগালুৰু আৰু চেন্নাই, মেচত বৰষুণৰ বিধি-পথালি - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 9:12 PM IST

Today IPL Match : প্লে’ অফত প্ৰৱেশৰ লক্ষ্যৰে চিন্নস্বামী ষ্টেডিয়ামত মুখামুখি হৈছে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই চুপাৰ কিংছ ৷ আজিৰ খেলখনত যিটো দলেই জয়ী হ’ব, সেই দল প্লে’ অফত প্ৰৱেশ কৰিব ৷

Today IPL Match
বাংগালুৰু আৰু চেন্নাইৰ যুঁজ (ETV BHARAT ENGLISH DESK)

স্পৰ্টছ ডেস্ক, 18 মে’ : আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হৈছে আই পি এল 2024ৰ 68 সংখ্যক মেচ ৷ দুয়োটা দলেই আজি মৰণপণ যুঁজত অৱতীৰ্ণ হৈছে ৷ আজিৰ খেলখনত যিটো দলেই জয়ী হ’ব, সেই দল প্লে’ অফত প্ৰৱেশ কৰিব ৷ আৰ চি বিয়ে বৃহৎ ব্যৱধানত বিজয় পঞ্জীয়ন কৰিব লাগিব ৷ একে সময়তে চি এছ কেৰ বাবে মেচখনত জয়লাভ কৰিলেই প্লে’ অফৰ টিকট নিশ্চিত হ’ব ৷

আৰ চি বি আৰু চি এছ কেৰ মাজত থকা অভিলেখৰ কথা ক’বলৈ গ’লে এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ 32 খন মেচ অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত চেন্নাই ছুপাৰ কিংছে 21 খন মেচত জয়লাভ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে মাত্ৰ 10 খন মেচত জয়লাভ কৰিছে ৷ একে সময়তে দুয়োটা দলৰ মাজত খেলা 1 খন মেচ অনিৰ্ণায়কভাৱে সমাপ্ত হৈছে ৷ এই ছিজনত দুয়োটা দলৰ মাজত খেলা একমাত্ৰ মেচখনত চি এছ কে দলে আৰ চি বিক 6 উইকেটত পৰাস্ত কৰে ৷ অৱশ্যে আজি ঘৰুৱা খেলপথাৰত আৰ চি বিক পৰাস্ত কৰাটো চি এছ কেৰ বাবে সহজ নহ’ব ৷

ইতিমধ্যে বৰষুণে বিধি-পথালি দিয়া মেচখনত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় চেন্নাই চুপাৰ কিংছে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ঘৰুৱা দল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে বাতৰি লিখাৰ পৰলৈকে 9 অভাৰত এটাও উইকেট নেহেৰুৱাকৈ 70 ৰাণ সংগ্ৰহ কৰিছে ৷ ক্ৰীজত বিৰাট কোহলীয়ে 40 ৰাণ আৰু ফাফ ডু প্লেছিছে 29 ৰাণ কৰি খেলি আছে ৷

লগতে পঢ়ক : আগন্তুক আইপিএল মেচৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা - IPL Match In Guwahati

লগতে পঢ়ক : কোন হ’ব ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক? গৌতম গম্ভীৰৰ কাষ চাপিছে বি চি চি আই ! - New Indian Head Coach

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.