Youth died at Rehab center: নিচামুক্তি কেন্দ্ৰত অক্ষয়ৰ ৰহস্যজনক মৃত্যু

By

Published : Mar 18, 2023, 9:04 PM IST

thumbnail

গুৱাহাটী, 18 মাৰ্চ: মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ অঘটন। পাঞ্জাবাৰীৰ নিৰ্মাণ নিচামুক্তি কেন্দ্ৰত এজন যুৱকে ৰহস্যজনকভাৱে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে (Youth died at Rehab center) ৷ মৃত্যু হোৱা যুৱকজনৰ নাম অক্ষয় কুমাৰ বৰা(25) বুলি জানিব পৰা গৈছে (Suspected suicide case in Guwahati) ৷ মৃত যুৱকজনৰ ঘৰ দৰং জিলাৰ মঙলদৈত । যোৱা ১১ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি কৰিছিল অক্ষয়ক ।  

তাৰ পিচৰে পৰাই প্ৰায়ে পৰিয়ালৰ লোকে কেন্দ্ৰটোত যোগাযোগ কৰি অক্ষয়ৰ খবৰ লওঁতে অক্ষয় ভালে থকা বুলি কৈছিল কেন্দ্ৰটোৰ লোকে ৷  কিন্তু পৰিয়ালৰ লোকক কথা পাতিবলৈ দিয়া হোৱা নাছিল অক্ষয়ৰ সৈতে । আজি কেন্দ্ৰটোৰ বিষয়ববীয়াই হঠাৎ যুৱকজনে আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক ফোনযোগে জনোৱাত হতচকিত হৈ পৰে পৰিয়ালৰ লোক ।

কেন্দ্ৰটোৰ লোকে যুৱকজনক নিৰ্যাতন চলাই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । অক্ষয়ৰ মৃত্যুক পৰিয়ালৰ লোকে সহজভাৱে ল’ব পৰা নাই ৷ অক্ষয়ৰ মৃত্যুত ৰহস্য থকা বুলি আশংকা কৰি উচিত তদন্ত বিচাৰিছে পৰিয়ালৰ লোকে । এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Guwahati Honey trapping case: যুৱতীসহ আৰক্ষীৰ জালত পৰিল হানি ট্ৰেপিং চক্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.