Guwahati Honey trapping case: যুৱতীসহ আৰক্ষীৰ জালত পৰিল হানি ট্ৰেপিং চক্ৰ

By

Published : Mar 18, 2023, 7:53 PM IST

thumbnail

গুৱাহাটী, ১৮ মাৰ্চ : মহানগৰীত সক্ৰিয় হানি ট্ৰেপিং চক্ৰ । শনিবাৰে মহানগৰ আৰক্ষীৰ জালত পৰিছে যুৱতীসহ হানি ট্ৰেপিঙৰ এটা চক্ৰ (Woman among two arrested in honey trap case in Guwahati) । আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে প্ৰমোদ তিৱাৰী নামৰ এজন লোকৰ লগতে এগৰাকী মহিলা । অভিযুক্ত প্ৰমোদ তিৱাৰীৰ নেতৃত্বত দীৰ্ঘদিন ধৰি এই চক্ৰটোৱে বিভিন্ন লোকক নিজৰ জালত পেলাইছিল ।

শেহতীয়াকৈ চক্ৰটোৱে জালত পেলাইছিল ভাগীৰথ শাস্ত্ৰী নামৰ এজন পূজাৰীক । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই উল্লেখ কৰা অনুসৰি, প্ৰথমে চক্ৰটোৰ এগৰাকী যুৱতীয়ে হোৱাটআপ (WhatsApp) যোগে ভুক্তভোগী পূজাৰীজনক ফোন কৰিছিল ।

ইয়াৰ পিচত তেওঁৰ ফটো সংলগ্ন বিভিন্ন অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰি পূজাৰীজনক পাঁচ লাখ টকা দাবী কৰে । দাবী কৰা ধন আদায় নিদিলে ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি দিছিল চক্ৰটোৱে । উপান্তৰ হৈ ১২ মাৰ্চত মহানগৰ আৰক্ষী কাষ চাপিছিল ভুক্তভোগী লোকজন ।

ইফালে উক্ত ঘটনাৰ খবৰ পোৱাৰ লগে লগে মহানগৰ আৰক্ষীয়ে ক্ৰাইম ব্ৰাঞ্চক তদন্তৰ দায়িত্ব দিয়ে । তাৰ পাচতে প্ৰৱঞ্চকক ধৰিবলৈ ক্ৰাইম ব্ৰাঞ্চে পেলাইছিল জাল । অৱশেষত যুৱতীসহ গেংটো পৰিল আৰক্ষীয়ে পতা জালত । যাক লৈ এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে মহানগৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক : HSLC Fake question paper leak : অভিযুক্ত মাছুম আলীৰ বিৰুদ্ধে নগাঁও থানাত ৰুজু গোচৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.