HSLC Fake question paper leak : অভিযুক্ত মাছুম আলীৰ বিৰুদ্ধে নগাঁও থানাত ৰুজু গোচৰ

By

Published : Mar 18, 2023, 4:50 PM IST

thumbnail

নগাঁও, 18 মাৰ্চ : প্ৰশ্নকাকত ফাদিল প্ৰসংগক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰাৰ সময়তে শনিবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ভূগোল বিষয়ৰ আন এখন প্ৰশ্নকাকত । যাক লৈ প্ৰথম অৱস্থাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । পৰৱৰ্তী সময়ত প্ৰশ্নকাকতখন ভুৱা বুলি স্পষ্টীকৰণ দিলে ৰাজ্যৰ শিক্ষা বিভাগে (SEBA reacts over HSLC paper leak) ।

প্ৰকৃততে নগাঁৱৰ পৰা ভাইৰেল হৈছিল ভূগোল বিষয়ৰ এই ভুৱা প্ৰশ্নকাকতখন (HSLC Geography paper leak) । নগাঁৱৰ মাছুম আলী নামৰ এজন ছাত্ৰই ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰাৰ খবৰ ৰাজ্যৰ শিক্ষামন্ত্ৰীক নগাঁৱৰ শিক্ষা বিষয়াই দিয়া বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত ভুৱা প্ৰশ্নকাকত বিয়পোৱাৰ অভিযোগত অভিযুক্ত মাছুম আলীৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰে নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে (FIR filed against accused Masum Ali) ।

নগাঁৱৰ উত্তৰণ একাডেমীৰ ছাত্ৰ মাছুম আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি নগাঁও আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান । এই সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে ।

লগতে পঢ়ক : HSLC question paper leak : ভূগোলৰ প্ৰশ্নকাকত ফাদিল, ছেবাৰ অস্বীকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.