Road accident in Barpeta: বৰপেটাত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত যুৱকৰ মৃত্য়ু

By

Published : Jul 20, 2023, 1:51 PM IST

thumbnail

বৰপেটা ,২০ জুলাই: বৰপেটাত তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে দুই যুৱকক । বৰপেটা চহৰৰ সমীপৱৰ্তী দাবালিয়াপাৰাত সংঘটিত এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় আবু জফৰ মণ্ডল (২১) নামৰ যুৱকজনৰ । আনহাতে,এই দুৰ্ঘটনাত  গুৰুতৰভাৱে আহত হয় আচিক হুছেইন (২২)।  সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আচিক হুছেইন।

দুই বন্ধু আবু জফৰ মণ্ডল আৰু আচিক আলীয়ে আনদিনাৰ দৰে আজিও পুৱা ঘৰৰ পৰা ওলাই আহিছিল কচৰৎ কৰিবলৈ । দিনে ১০-১২ কিলোমিটাৰ দৌৰা দুই বন্ধুৱে আন দিনৰ দৰে আজিও দৌৰাভ্যাসৰ পিছত দাবালীয়াপাৰা দলঙৰ কাষত জিৰণি লৈ আছিল । তেনেতে বৰপেটাৰ পৰা হাউলী অভিমুখিএখন তীব্ৰবেগী ডাম্পাৰে দলঙৰ ওপৰতে মহতিয়াই নিয়ে দুই বন্ধুক।  

এই ঘটনাটো সংঘটিত হোৱাৰ পিচতেই দলঙৰ ওপৰতে বাগৰি পৰে ডাম্পাৰখন। দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰৰ চালক আৰু সহযোগীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইপিনে, স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি সুৰামত্ত অৱস্থাত আছিল ডাম্পাৰখনৰ চালকজন। ঘটনাস্থলীত বিয়েৰৰ এটা খালী বটলো পৰি থকা দেখা গৈছে ।

লগতে পঢ়ক:Yaba tablets seized:বদৰপুৰ-উমাৰপুৰত ৮০ মিলিয়ন টকাৰ য়াবা টেবলেট জব্দ, ৩ টা চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.