Protest in Rangia: ৰঙিয়া পৌৰসভাৰ সন্মুখত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By

Published : May 29, 2023, 10:34 PM IST

thumbnail

ৰঙিয়া, ২৯ মে': ৰঙিয়া পৌৰ সভাৰ সন্মুখত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ (Congress protest in Rangia)। সোমবাৰে ৰঙিয়া নগৰৰ মাজমজিয়াৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণৰ খেলিমেলিক লৈ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে । সামান্য বতাহ-বৰষুণতে দুদিন পূৰ্বে খহি পৰিছিল নৱ নিৰ্মিত শ্ৰেণী কোঠা । নিম্নমানৰ কাম কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে দাবী প্ৰতিবাদকাৰীৰ ।  

বিদ্যালয়খনত নিম্নমানৰ কাম কৰি কণ কণ ছাত্ৰী সকলক সম্ভাৱনীয় বিপদত পেলেৱা বিতৰ্কিত ঠিকাদাৰজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ জনাইছে যুৱ কংগ্ৰেছে । সোমবাৰে ৰঙিয়া পৌৰসভাৰ সন্মুখত যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰজনৰ বিৰুদ্ধে তদন্ত কৰিবলৈ দাবী জনায় ।  

উল্লেখযোগ্য যে, যোৱা শনিবাৰে পুৱা সামান্য বতাহ বৰষুণত ৰঙিয়া জৱহাৰলাল নেহেৰু শিশু বিদ্যালয়খনৰ নৱ নিৰ্মিত ভৱন এটাৰ টিনপাত, চিলিং, মজিয়া আদি ভাঙি পৰে (Allegation of corruption in School construction)। কথমপি ৰক্ষা পৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকল । এনে ঘটনাৰ পিছতে স্বয়ং বিদ্যালয়খনৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে ঠিকাদাৰজনৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰা বুলি অভিযোগ কৰে । বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰাৰ এদিন পূৰ্বে এনেদৰে নৱ নিৰ্মিত গৃহৰ টিনপাত আৰু চিলিং ভাঙি পৰা বিষয়টো ৰঙিয়া মহকুমা প্ৰশাসনে যি ধৰণে গ্ৰহণ কৰিব লাগিছিল সেয়া নকৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক:Satradhikar Pitambar Deva Goswami: শংকৰদেৱ কলাক্ষেত্ৰত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ ৬৫ সংখ্যক জন্মতিথি পালন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.