নিউ মালিডহৰত কিশোৰীক ধৰ্ষণৰ অভিযোগ, যুৱকক গ্ৰপ্তাৰ

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 4:50 PM IST

thumbnail

শিলচৰ, 3 জানুৱাৰী: অসম-মেঘালয় সীমান্তৰ নিউ মালিডহৰত ধৰ্ষণকাণ্ড । ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি স্থানীয় ৰাইজৰ হাতত কৰায়ত্ব হ’ল যুৱক । অসম-মেঘালয় সীমান্তৰ কাছাৰৰ নিউ মালিডহৰ অঞ্চলৰ পাহাৰী এলেকাত সংঘটিত হয় ধৰ্ষণকাণ্ডটো ৷

স্থানীয় এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ দ্বীপ সৰকাৰ নামৰ এক যুৱকৰ বিৰুদ্ধে । অভিযোগ অনুসৰি সোমবাৰে নিশা 31 ডিচেম্বৰ উদযাপনত ব্যস্ত আছিল নিউ মালিডহৰৰ পাহাৰী অঞ্চলত বসবাসকাৰী লোকসকল । সেই সময়তে এগৰাকী ১৩ বছৰীয়া জনজাতীয় কিশোৰীক প্ৰলোভন দি নিৰ্জন স্থানলৈ লৈ যায় প্ৰতিৱেশী দ্বীপ সৰকাৰ নামৰ যুৱকজনে । কিশোৰীগৰাকীক উক্ত স্থানত ধৰ্ষণ কৰে লম্পট যুৱকজনে ।

প্ৰায় দুঘণ্টাৰ পিচত কিশোৰীগৰাকী উভতি আহি দ্বীপ সৰকাৰৰ কু-কাণ্ডৰ কথা স্থানীয় লোকসকলক জনোৱাত অঞ্চলবাসীয়ে কৰায়ত্ব কৰে যুৱকজনক ।

স্থানীয় ৰাইজে উত্তম মধ্যম দি আৰক্ষীক খবৰ দিয়াৰ পিচত উক্ত স্থানত আৰক্ষী উপস্থিত হৈ অভিযোগৰ ভিত্তিত যুৱকজনক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক চেণ্ডেলেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ উদণ্ড যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.