Open pit in Guwahati:গুৱাহাটীত উন্মুক্ত গাঁতে মাতিছে বিপদ: গাঁতত পৰিল মটৰচাইকেলসহ যুৱক

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 9:37 PM IST

thumbnail

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : উন্নয়নৰ নামত সম্পূর্ণ অপৰিকল্পিতভাৱে ৰাজধানী গুৱাহাটীত জধে-মধে গাঁত খন্দাৰ ফলত উন্মুক্ত গাঁতে এতিয়া বিপদ মাতিছে । বিশেষকৈ জলব'ৰ্ড, জাইকা, এ পি ডি চি এল আদিৰ লগতে উৰণ সেতু নিৰ্মাণৰ নামত প্ৰতিষ্ঠানসমূহৰ অবিবেচক কাণ্ডৰ বাবে এতিয়া ফল ভোগ কৰিব লগা হৈছে মহানগৰৰ বাসিন্দাই । বিগত ২১ ছেপ্টেম্বৰত হেঙেৰাবাৰীত জাইকাই পথৰ মাজত খন্দা গাঁতত পৰি আহত হোৱা মন্টু ডেকা নামৰ মাত্ৰ ৩২ বছৰীয়া এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাৰ পিচতো যেন ভুলৰ নীতি শিক্ষা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগ সমূহে ।

বুধবাৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় মহানগৰীৰ জু ৰোডৰ সুন্দৰপুৰ অঞ্চলত । গুৱাহাটীৰ ৰাজপথত ফ্লাই অ’ভাৰ নিৰ্মাণৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানে খন্দা উন্মুক্ত গাঁতত পৰি আঘাত প্ৰাপ্ত হয় নীলোৎপল বৰা নামৰ এজন যুৱক । বুধবাৰে দিনৰ ভাগত পালচৰ মটৰচাইকেলেৰে জু ৰোডৰ পৰা সুন্দৰপুৰ অভিমুখে আহি থকা সময়ত ৰাজপথৰ মৰণফান্দ সদৃশ গাঁতত পৰি আঘাতপ্ৰাপ্ত হয় তেওঁ । পিচত স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত যুৱকজনক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় । বৰ্তমান যুৱকজন সুস্থ বুলি জানিব পৰা গৈছে । মন কৰিবলগীয়া কথা এই যে, উন্মুক্ত হৈ থকা পথৰ গাঁত তাৎক্ষণিকভাৱে পুতি যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশকো কেৰেপ নকৰি বেৰিকেড অবিহনে খান্দি থোৱা গাঁতৰ বাবে সম্প্ৰতি বৃদ্ধি পাইছে বিভিন্ন দুর্ঘটনা ।

লগতে পঢ়ক : Priya Kumari accident : পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে প্ৰিয়াই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.