মাজুলীত খ্ৰীষ্টমাছ উদযাপনত ক্ষুব্ধ হৈ পৰিছে কোন ?

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 9:12 PM IST

thumbnail

মাজুলী, 25 ডিচেম্বৰ : মাজুলীত এফালে যদি শুনা গৈছে কেৰলৰ ধ্বনি, আনফালে শুনা গৈছে বেদমন্ত্ৰ আৰু ভাগৱতৰ ধ্বনি ৷ আজি বৰদিনৰ দিনটোত মাজুলীত বিশ্ব হিন্দু মহাসংঘ অসমৰ উদ্যোগত অনুষ্ঠিত হয় স্ব-ধৰ্ম সুৰক্ষা দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে আজি সত্ৰপীঠ মাজুলীতো খ্ৰীষ্ট ধৰ্মৰ লোকসকলে পালন কৰে পবিত্ৰ বৰদিন । প্ৰতিটো বছৰৰ ২৫ ডিচেম্বৰৰ দিনটো বিশ্ব হিন্দু মহাসংঘ অসমে স্ব-ধৰ্ম সুৰক্ষা দিৱস হিচাপে পালন কৰি আহিছে । এইবছৰ মাজুলীৰ দক্ষিণপাট গৃহস্বমি সত্ৰত ৰাজ্যিকভাৱে পালন কৰা হৈছে স্ব-ধৰ্ম সুৰক্ষা দিৱস ।

খ্ৰীষ্টান আগ্ৰাসন ৰোধৰ বাবে এই দিৱস পালন কৰাৰ লগতে সময় থাকোতে যাতে নিজৰ ধৰ্ম এৰি এই খ্ৰীষ্ট ধৰ্মৰ প্ৰতি কোনো আকৰ্ষিত নহয় তাৰ বাবে আহ্বান জনাই বিশ্ব হিন্দু মহাসংঘৰ নেতৃবৃন্দই । আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিশ্ব হিন্দু মহাসংঘ অসমৰ কেন্দ্ৰীয় নেতা বলেন বৈশ্য ।

লগতে পঢ়ক : সত্ৰপীঠ মাজুলীত কেৰলৰ ধ্বনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.