বৰপেটাৰোডত বিশ্ব এইডছ দিৱস উপলক্ষে সজাগতা ৰেলী

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 8:44 PM IST

thumbnail

বৰপেটাৰোড, ১ ডিচেম্বৰ : আজি বিশ্ব এইডছ দিৱস ৷ বিশ্বৰ বিভিন্ন দেশত প্ৰতি বছৰে ১ ডিচেম্বৰত এই দিৱস পালন কৰাৰ লগতে এইডছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি অহা হৈছে । আজি বিশ্ব এইডছ দিৱস উপলক্ষে বৰপেটাৰোডৰ গণেশ লাল চৌধুৰী মহাবিদ্যালয়তো ৪৮ অসম নভেল গোট এনচিচি আৰু Ribbon Clubৰ সহযোগত এক সজাগতা সমদল উলিওৱা হয় ।

ইয়াৰ পিছতে মহাবিদ্যালয়ৰ সভাকক্ষত এইডছ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয় । এই সভাত এইডছ পৰা কেনেকৈ আঁতৰত থাকিব পাৰি আৰু ইয়াৰ বাবে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে আলোচনা কৰা হয় । এই সজাগতা সভাত মহাবিদ্যালয়খনৰ অধ্যাপক- অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:মূৰৰ বিষ কিয় হয়? চিকিৎসাবিজ্ঞানৰ মতে কিমান ধৰণৰ মূৰৰ বিষ আছে?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.