ETV Bharat / state

মূৰৰ বিষ কিয় হয়? চিকিৎসাবিজ্ঞানৰ মতে কিমান ধৰণৰ মূৰৰ বিষ আছে?

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 2:32 PM IST

চিকিৎসা বিজ্ঞানৰ মতে কিমান ধৰণৰ মূৰৰ বিষ আছে ? মাইগ্ৰেনৰ সমস্যা কি? মূৰৰ বিষ কিয় হয় ? এই সন্দৰ্ভত জনালে হৃদয়, বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ পৰিচালন সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্যই ।

Causes of headache
মূৰৰ বিষ কিয় হয়

বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ পৰিচালন সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্য

গুৱাহাটী, ৩০ নৱেম্বৰ: মূৰৰ বিষ । দৈনন্দিন জীৱনত সঘনাই হৈ থকা এটা সমস্যা । যিটো সমস্যাত পৃথিৱীৰ প্ৰতিগৰাকী লোক এবাৰ নহয় এবাৰ ভুগিছে । এবাৰো মূৰৰ বিষৰ সমস্যা নোহোৱা মানুহ হয়তো এই পৃথিৱীত কোনোৱে নাই । চিকিৎসকৰ মতে এই মূৰৰ বিষ ৰোগৰ কথা ক’বলৈ যিমান সহজ, মূৰৰ বিষৰ চিকিৎসা কিন্তু ইমান সহজ নহয় ।

কিতাপত লিপিবদ্ধ থকা অনুসৰি প্ৰায় ১৫০ বিধ ধৰণৰ মূৰৰ বিষ আছে । এই ১৫০ বিধ ধৰণৰ মূৰৰ বিষৰ ভিতৰত এটা সচৰাচৰ কাৰণ হৈছে টেনশ্যন ৷ অতি বেছি টেনশ্যন বা চিন্তাৰ বাবেও বহু সময়ত মূৰৰ বিষ হোৱা দেখা যায় । মাইগ্ৰেনৰ বাবেও সঘনাই মূৰৰ বিষ হোৱা দেখা যায় । পুৰুষ-মহিলা উভয়ে মাইগ্ৰেনৰ সমস্যাত ভোগা দেখা যায় যদিও মহিলাৰ ক্ষেত্ৰত এই সমস্যাটো অকণমান বেছি হোৱাটো পৰিলক্ষিত হয় । বিশেষকৈ ১০ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰৰ লোকসকল এই সমস্যাত বেছিকৈ ভোগা দেখা যায় ৷

মাইগ্ৰেন মূৰৰ বিষ হৈছে এপিচদিক অৰ্থাৎ এই মূৰৰ বিষ কিছুদিন থকাৰ পিচত ভাল হয় আৰু পুনৰ আৰম্ভ হোৱা দেখা যায় । মাইগ্ৰেন কিছুমান লোকৰ মূৰৰ যিকোনো অংশতে অৰ্থাৎ বাওঁফাল, সোঁ-ফাল, মূৰৰ পিছফালে, চকু ওচৰে-পাজৰে বিষ হোৱা দেখা যায় । কিছুলোকৰ আকৌ গোটেই মূৰটোতে বিষ অনুভৱ কৰা দেখা যায় । যিসকল লোকৰ এই সমস্যা আছে তেওঁলোকৰ মাহে তিনি-চাৰিবাৰ এই সমস্যা হোৱা দেখা যায় । যিসকল লোকৰ এই সমস্যাটো অকণমান বেছি থাকে তেওঁলোকৰ মাহত তিনি-চাৰিবাৰকৈও বেছি মূৰৰ বিষ হ'ব পাৰে । বৰ্তমান সময়ত বহুলোক এই সমস্যাত ভোগা পৰিলক্ষিত হৈছে ।

এই সমস্যা হোৱাৰ পূৰ্বে কিছু লক্ষণে দেখা দিয়ে । যেনে চকুৰ ওচৰে-পাজৰে বিষ অনুভৱ হয়, মূৰটো বেয়া লাগি থাকে, বমি বমি অনুভৱ হয়, কাণে গুমগুমণি শব্দ হয়, চকুৰে জিলমিল দেখিব পাৰে । এনে ধৰণৰ কিছু লক্ষণ পৰিস্ফুট হয় যাক 'অৰা' বুলি কোৱা হয় ।

ইয়াৰোপৰি এটা সঘনাই হোৱা মূৰৰ বিষ হৈছে ক্লাচটাৰ মূৰৰ বিষ । এই ধৰণৰ মূৰৰ বিষ হ’লে একেৰাহে দুই-তিনিদিন বিষ অনুভৱ হৈ থকা দেখা যায় । বহুলোকৰ ঠাণ্ডাৰ সময়ত এই মূৰৰ বিষ হোৱা দেখা যায় । কিছুমানৰ আকৌ গৰমৰ দিনত হোৱা দেখা যায় । একেধৰণে মূৰৰ যিকোনো অংশত দুই তিনিদিনলৈ বিষ অনুভৱ হৈ তাৰ পিচত ভাল হৈ যোৱা দেখা যায় ।

চাইনাচৰ বাবে মূৰৰ বিষ হোৱা দেখা যায় । ইয়াৰোপৰি মূৰত আঘাট পালেও বহু বছৰলৈ এই সমস্যাত ভোগা দেখা যায় ।

মূৰৰ বিষ হলে কি কৰা উচিত: মূৰৰ বিষ উঠা মাত্ৰকেই কোনো ধৰণৰ ঔষধ খাব নালাগে । চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে ঔষধ খাব লাগে ।

লগতে পঢ়ক: শীতৰ এই সময়চোৱাত কমলা ৰসেৰে ল'ব পাৰিব ছালৰ যতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.