Hit & Run: সুৰামত্ত চালকৰ বাহনৰ খুন্দাত আহত শ্ৰমিক

By

Published : Jun 5, 2022, 1:00 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

মহানগৰীত পুনৰ Hit and Run ৰ ঘটনা (Hit and run case at Guwahati) ৷ নিশা হ'লেই মহানগৰীৰৰ ৰাজপথত সুৰামত্ত চালকৰ অতপালিয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ শনিবাৰে নিশা GS ৰোডত বেৰিকেড ভাঙি সুৰামত্ত চালকে মহতিয়াই লৈ যায় বিদ্যুৎ বিভাগৰ পাইপ পোটা কামত নিয়োজিত হৈ থকা এজন শ্ৰমিকক (Drunk Driver Hits Labourer at Guwahati) ৷ শ্ৰমিকজনক খুন্দা মাৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখন ৷ জানিব পৰা মতে তীব্ৰ বেগত আহি থকা বাহনখনে প্ৰথমতে এখন বাইকত খুন্দা মাৰিছিল ৷ তাৰ পিছতেই নিয়ন্ত্ৰণ হেৰুৱাই বেৰিকেড ভাঙি তীব্ৰবেগী বাহনখনে শ্ৰমিক জনক খুন্দিয়াই আহত কৰে ৷ এই ঘটনাত আহত শ্ৰমিকজনৰ নাম গুলছান বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে শ্ৰমিকজনক ততালিকে ১০৮ সেৱাৰ জৰিয়তে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.