Worker died in Digboi: ডিগবৈত দুমহলীয়া অট্টালিকাৰ পৰা পৰি কৰুণ মৃত্যু শ্ৰমিকৰ

By

Published : Dec 28, 2022, 4:06 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

তিনিচুকীয়া জিলাৰ ডিগবৈৰ মিছনপাৰাত শোকাৱহ ঘটনা । দুমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু এজন শ্ৰমিকৰ (Worker died in Digboi) ৷ জানিব পৰা মতে ডিগবৈ মিছনপাৰাৰ গোপী দেৱনাথৰ দুমহলীয়া অট্টালিকাত কৰ্মৰত হৈ আছিল কেইবাজনো শ্ৰমিক ৷ অন্য দিনাৰ দৰে আজিও অট্টালিকাটোত একেলগেই কাম কৰি আছিল শ্ৰমিককেইজন ৷ কিন্তু কাম কৰি থকা অৱস্থাত হঠাৎ এজন শ্ৰমিক অট্টালিকাটোৰ পৰা সৰি পৰে ৷ পিছত ততাতৈয়াকৈ শ্ৰমিকজনক ডিগবৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে শ্ৰমিকজনক মৃত ঘোষণা কৰে (Construction worker dies after falling building) ৷ মৃত শ্ৰমিকজন ডিগবৈ বগাপানী চাহ বাগিচাৰ ৩৬ নম্বৰ লাইনৰ নিবাসী ইউচুফ হৰ' (২৭) বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ঠিকাদাৰ চুমিত পালৰ শ্ৰমিক আছিল ইউচুফ । শ্ৰমিকজনক কৰ্মৰত অৱস্থাত কোনো ধৰণৰ নিৰাপত্তা বেল্টৰ যোগান ধৰা হোৱা নাছিল । যাৰ বাবেই হয়তো এনে ঘটনা সংঘটিত হ’ব পাৰিলে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.