Lok Sabha elections:লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ কাম আৰম্ভ

By

Published : Jun 17, 2023, 9:51 PM IST

thumbnail

ডিফু, ১৭ জুন :  দেশৰ লোকসভাৰ নিৰ্বাচন যে নিধাৰিত সময়ৰ পূৰ্বেই হ’ব সেয়া ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগৰ তৎপৰতাই ইংগিত দিছে ৷ দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ইতিমধ্যে আৰম্ভ হৈছে মাষ্টৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণৰ কাম আৰম্ভ হৈছে  ৷

শনিবাৰৰ বিয়লি ডিফু আৰ্বত ভৱনত উপায়ুক্ত মধুমিতা ভাগৱতীয়ে ভোটাৰ তালিকা সংশোধনকে ধৰি সমগ্ৰ প্ৰক্ৰিয়াটোৰ ব্যাখ্যা কৰে এক সংবাদমেলত  ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ১ জুনৰ পৰা ২০ জুলাইলৈ ই আৰ অ, এ ই আৰ অ, বি এল অ সকলক প্ৰশিক্ষণ দিয়া হ’ব  ৷ ২১ জুলাইৰ পৰা ২১ আগষ্টলৈকে বি এল অ সকলে ঘৰে ঘৰে গৈ ভোটাৰৰ সবিশেষ পৰীক্ষা কৰিব ৷

২২ আগষ্টৰ পৰা ২৯ ছেপ্টেম্বৰলৈ নতুন ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ পূৰ্বৰ ভোটগ্ৰহণ কেন্দ্ৰত অধিক ভোটাৰ হ’লে দুটা কেন্দ্ৰ স্থাপন কৰা হ’ব  ৷ ৩০ ছেপ্তেম্বৰৰ পৰা ১৬ অক্টোবৰলৈ ১ ৰ পৰা ৮ নং ফৰ্মৰ কামসমূহ হ’ব  ৷ ১৭ অক্টোবৰত খছৰা ভোটাৰ তালিকা প্ৰকাশ হ’ব  ৷ ১৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ভোটাৰৰ অভিযোগ লোৱা হ’ব  ৷ ২৬ ডিচেম্বৰত ভোটাৰৰ অভিযোগ নিষ্পত্তি কৰা হ’ব  ৷ 

১ জানুৱাৰী ২০২৪ ত দেশৰ নিৰ্বাচন আয়োগে অন্তিম ভোটাৰ তালিকা প্ৰকাশৰ বাবে পৰীক্ষা কৰি অনুমতি দিব  ৷  ৫ জানুৱাৰীত প্ৰকাশ কৰা হ’ব চূড়ান্ত ভোটাৰ তালিকা  ৷ আজিৰ সংবাদ মেলত নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙীয়া, অতিৰিক্ত উপায়ুক্ত টিংকুমণি বৰা আৰু সদৰ মহকুমাধিপতি হোমেন গোহাঁই বৰুৱা উপস্থিত থাকে ৷

লগতে পঢ়ক : Diphu Congress: ডিফু কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.