ETV Bharat / state

Diphu Congress: ডিফু কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী

author img

By

Published : Jun 17, 2023, 7:54 PM IST

ডিফু কংগ্ৰেছে অব্যাহত ৰাখিছে যোগদান কাৰ্যসূচী ৷ শনিবাৰে ডিফুত কংগ্ৰেছত যোগদান কৰে প্ৰায় শতাধিক পৰিয়ালে ৷ শেহতীয়াকৈ বৃহৎ সংখ্যক লোকে কাৰ্বি আংলং জিলাত যোগদান কৰিছে কংগ্ৰেছত ৷

Diphu Congress
Diphu Congress

ডিফু কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী

ডিফু, ১৭ জুন: সমাগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি সকলো দলেই নিজৰ সাংগঠিক ভেঁটি সুদৃঢ় কৰাৰ বাবে প্ৰেচেষ্টা অব্যাহত ৰাখিছে ৷ লগতে আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী ৷ শনিবাৰে ডিফুত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷

ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত বোকাজান বিধানসভা আৰু লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা মুঠ ৬৭ টা পৰিয়ালে আম আদমী পাৰ্টী আৰু বিজেপি দলৰ পৰা যোগদান কৰে ৷ ইয়াৰে 53 টা পৰিয়ালে আম আদমী পাৰ্টীৰ পৰা আৰু 14 টা পৰিয়ালে কংগ্ৰেছত যোগদান কৰে ৷

উল্লেখ্য যে কাৰ্বি আংলং জিলা কংগ্ৰেছত বিগত দুটা মাহত ভালে সংখ্যক আন দলৰ নেতা কৰ্মীয়ে যোগদান কৰিছে ৷ দলটোৰ উপ-সভাপতি ৰতন ইংতিয়ে কয় ৰাইজে নিজে আহি কংগ্ৰেছ কাৰ্যালয়ত ৷ যোগদানৰ বাবে উপস্থিত হৈছে ৷ এই যোগদানৰ ধাৰা অব্যাহত থাকিব বুলিও তেওঁ মন্তব্য কৰে ৷ উল্লেখ্য যে শেহতীয়াকৈ ডিফু বিজেপিত আৰম্ভ হৈছে খহনীয়া ৷ যাৰ বাবে বহু কৰ্মীয়ে ইতিমধ্যেই বিজেপি ত্যাগ কৰা বুলি জানিব পৰা গৈছে ৷ বিজেপি দলৰ পৰা দেশখনক কংগ্ৰছেহে উদ্ধাৰ কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে শুকুৰবাৰে ডিফুত মুখ্যমন্ত্ৰীয়ে এছ আই ইউৰ বাবে টেট শিক্ষকে দৰমহা নোপোৱাৰ কথাটো সেই মূৰ্হুতহে গম পোৱা বুলি উল্লেখ কৰা সন্দৰ্ভতো ৰতন ইংতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীয়ে সেই কথা মিছা মাতিছে বুলি ৰতন ইংতিয়ে অভিযোগ উত্থাপন কৰে ৷

একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা পৱন শৰ্মাই কাৰ্বি আংলঙৰ স্বায়ত্বশাসিত ৰাজ্যৰ দাবীৰ সন্দৰ্ভত কোনো কথা নোকোৱাটো হ’ল বিজেপিৰ মিথ্যাচাৰ ৷ তেওঁলোকে পাহাৰৰ জনতাক স্বায়ত্বশাসিত ৰাজ্য নিদিয়ে বুলি কয় ৰতন ইংতিয়ে ৷

লগতে পঢ়ক: NIA case against MLA Akhil Gogoi : পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি বিধায়ক অখিল গগৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.