Women Trafficking in Nagaon: দহ হাজাৰ টকাৰ বিনিময়ত বহিঃৰাজ্যলৈ সৰবৰাহ কিশোৰী

By

Published : Feb 15, 2023, 8:24 PM IST

thumbnail

নগাঁও, 15 ফেব্ৰুৱাৰী: সাৱধান ৷ ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰীৰ বৃহৎ চক্ৰ । এই চক্ৰটোৱে প্ৰথমে টাৰ্গেট কৰি লয় এচাম যুৱতী অথবা মহিলাক ৷ বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱতী, মহিলাক কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যত বৃহৎ পৰিমাণৰ ধনৰ অংকত বিক্ৰী কৰা ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে । কেতিয়াবা যদি কৰ্মসংস্থাপন দিয়াৰ নামত আন কেতিয়াবা আকৌ সামাজিক মাধ্যমযোগে চা-চিনাকি হৈ প্ৰেমৰ জালত পেলাই বহিঃৰাজ্যলৈ নি গতাই দিয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰ বিভিন্ন ঠাইতো সক্ৰিয় হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ (Women traffickers Arrested in Nagaon)। শেহতীয়াকৈ নগাঁৱৰ ধিং আৰক্ষীৰ জালত পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ । এই সৰবৰাহকাৰী চক্ৰটোৱে টাৰ্গেট কৰি লৈছিল এগৰাকী ১৫ বছৰীয়া কিশোৰীক ৷ কিশোৰীগৰাকীক বহিঃৰাজ্যত কাম দিয়াৰ প্ৰলোভন দিছিল আৰু সেই প্ৰলোভনত সোমাই পৰিছিল কিশোৰীগৰাকী ৷ তাৰ পিচতেই আজি কিশোৰীগৰাকীক লৈ যোৱাৰ পৰিকল্পনা কৰাৰ সময়তে স্থানীয় ৰাইজৰ তৎপৰতাত হাতে-লোটে ধৰা পৰে নাৰী সৰবৰাহকাৰী চক্ৰটো ৷

জানিব পৰা মতে নিজ ধিঙৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক আনোৱাৰ হুছেইন, আম্বিয়া খাতুন আৰু মাৰৰ্জিনা খাতুন নামৰ তিনি নাৰী সৰবৰাহকাৰী চক্ৰই অতি কৌশলেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিব বিচাৰিছিল, কিন্তু কিশোৰীগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰে নাবালিকাগৰাকী (Women traffickers Arrested in Dhing) । গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে পাছত নাৰী সৰবৰাহকাৰী চক্ৰৰ তিনিওকে ধিং আৰক্ষীক চমজাই দিয়ে (Dhing Police) ।

বৰ্তমান অভিযুক্ত তিনিওকে ধিং আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । স্মৰ্তব্য যে নগাঁৱৰ পৰা কিছুদিন পূৰ্বেও সন্ধানহীন হোৱা কিশোৰী উদ্ধাৰ কৰাত ব্যৰ্থতাৰ অভিযোগ আছে নগাঁও আৰক্ষীৰ বিৰুদ্ধে ।

লগতে পঢ়ক: Women trafficking in Assam: দহ দিনত ছগৰাকী নাবালিকাক উদ্ধাৰ নাৰীদেহ ব্যৱসায়ী চক্ৰৰ পৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.