ETV Bharat / state

Women trafficking in Assam: দহ দিনত ছগৰাকী নাবালিকাক উদ্ধাৰ নাৰীদেহ ব্যৱসায়ী চক্ৰৰ পৰা

author img

By

Published : Dec 18, 2022, 9:59 PM IST

Women trafficking in Assam
Women trafficking news

যোৱা 8 ডিচেম্বৰত ডিফু থানাৰ এক এজাহাৰৰ ভিত্তিত অনুসন্ধান কৰি হাৰিয়ানাৰ ৰাজস্থানত অভিযান চলাই ফাতেহাবাদৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় জিলা আৰক্ষী (Women trafficking in Assam) ।

দহ দিনত ছগৰাকী নাবালিকাক উদ্ধাৰ নাৰীদেহ ব্যৱসায়ী চক্ৰৰ পৰা

ডিফু, 18 ডিচেম্বৰ: ৰাজ্যত পুনৰ পোহৰলৈ আহিছে নাৰী সৰবৰাহৰ ঘটনা ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা একাংশ কিশোৰীক বিভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি বুজন অংকৰ ধনৰ বিনিময়ত বিক্ৰী কৰা হয় (Women trafficking in Assam) ৷ ৰাজ্যত বৰ্তমানেও একাংশ চক্ৰই গোপনে নাৰী সৰবৰাহ চলাই থকাৰ তথ্য ধৰা পেলাইছে আৰক্ষীয়ে ৷ কাৰ্বি আংলং জিলা আৰক্ষীৰ অভিযানত বিগত 10 দিনত ছগৰাকী নাবালিকাক এনে চক্ৰৰ কবলৰ উদ্ধাৰ হোৱাৰ এক বাতৰি পোহৰলৈ আহিছে ।

দেওবাৰে ডিফুস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথে (Minor girl rescued from trafficking nexus) । আৰক্ষী বিষয়া গৰাকীয়ে কয় যে, যোৱা 8 ডিচেম্বৰত ডিফু থানাৰ এক এজাহাৰৰ ভিত্তিত অনুসন্ধান কৰি হাৰিয়ানাৰ ৰাজস্থানত অভিযান চলাই ফাতেহাবাদৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় জিলা আৰক্ষী ।

ইয়াৰ পিছত বোকাজান থানাৰ চাৰিখনকৈ এজাহৰৰ ভিত্তিত ক্ৰমে, বোকাজান ৰেল ষ্টেচনৰ পৰা দুগৰাকী, ডিমাপুৰ ৰেল ষ্টেচনৰ পৰা এগৰাকী আৰু তিনিচুকীয়াৰ পৰা এগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Women trafficking nexus in Karbi Anglong) ।

শেহতীয়াকৈ পাহাৰীয়া জিলাখনৰ বকলীয়াঘাটৰ পৰা অপৰাধী চক্ৰই এগৰাকী নাবালিকাক কৌশলেৰে সুদূৰ ৰাজস্থানত বিক্ৰী কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি, যোৱা দহ ডিচেম্বৰত বকলীয়াঘাটৰ এগৰাকী 14 বছৰীয়া কিশোৰী সন্ধানহীন হয় (Women trafficking news)। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বকলীয়াঘাট থানাই 37/2022 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তৎপৰতাৰে তদন্ত আৰম্ভ কৰে । এই সন্দৰ্ভত আৰক্ষী আৰু ডিফু চাইল্ডলাইনৰ সহযোগত চলোৱা অনুসন্ধানত কিশোৰীগৰাকীক ডিফুৰ সমীপৰ বিৰলাৰ মুকেশ চৌধুৰীৰ পত্নী নীতু দেৱী নামৰ মহিলাগৰাকীয়ে পৰিয়ালৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ প্ৰলোভনেৰে ৰাজস্থানলৈ লৈ যোৱাৰ তথ্য লাভ কৰে ।

আনহাতে, ৰাজস্থানৰ ঝুনঝুনু জিলাত উপস্থিত হৈ মহিলাগৰাকীয়ে গোধাগৰ্জী থানাৰ অন্তৰ্গত বুধি নগৰ ভৰ্কি নিবাসী উমীদ সিং নামৰ লোকজনৰ ওচৰত বিবাহৰ উদ্দেশ্যে কিশোৰী গৰাকীক বিক্ৰী কৰে । এই তথ্য লাভ কৰিয়েই বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল ৰাজস্থানৰ ঝুনঝুনু জিলাত উপস্থিত হয় ।

আৰক্ষীৰ দলটোৱে ৰাজস্থান আৰক্ষী, চাইল্ডলাইন ডিফু আৰু চি ডব্লিউ চি ৰাজস্থানৰ সহযোগত কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে আৰক্ষীয়ে কিশোৰীগৰাকীক ৰাজস্থানলৈ নি বিক্ৰী কৰা নীতু দেৱী আৰু বিবাহৰ বাবে কিশোৰী ক্ৰয় কৰা উমীদ সিঙকো গ্ৰেপ্তাৰ কৰিছে ৷

এই সমষ্ট ঘটনা সন্দৰ্ভত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথে সাংবাদিকৰ আগত কয় যে, সক্ৰিয় সৰবৰাহকাৰী চক্ৰৰ বিপৰীতে কোনো সুবিধাবাদী চক্ৰক স্বভাৱজনিত কাৰণত বিশ্বাসত লোৱাৰ বাবে এনে ঘটনাক্ৰম জিলাখনত সংঘটিত হৈ আহিছে ।

লগতে পঢ়ক: Arrested robbers gang : তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল ১০ জনীয়া ডকাইতৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.