Woman death: বোৱাৰীৰ ৰহস্যজনক মৃত্যু, স্বামীৰ পৰিয়ালে হত্যা কৰাৰ সন্দেহ

By

Published : Aug 18, 2023, 7:45 PM IST

thumbnail

নলবাৰী, ১৮ আগষ্ট : নলবাৰীত নতুন বোৱাৰীৰ ৰহস্যজনক মৃত্যু । শুকুৰবাৰে পুৱাই নলবাৰীৰ বেলশৰৰ সমীপৰ নলিচা গাঁৱৰ লিপিকা হালৈ নামৰ বোৱাৰীগৰাকীৰ মৃতদেহ পুখুৰীত উদ্ধাৰ কৰা হয় ৷ ইয়াৰ পিচতে অঞ্চলটোত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ ইফালে শাহু-শহুৰেকে জনোৱা অনুসৰি বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰাই বোৱাৰীগৰাকী নিখোঁজ হৈ আছিল ৷   

এই ঘটনাৰ পিচতে বোৱাৰীগৰাকীক শাহু শহুৰে মিলি হত্যা কৰি পুখুৰীত পেলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ঘৰত স্বামী নথকাৰ সুযোগ লৈয়েই হত্যাৰ কৰাৰ অভিযোগ উত্থাপন কৰে বোৱাৰীগৰাকীৰ আত্মীয়ই ।

উল্লেখ্য যে, নলবাৰীৰ বেলশৰ থানাৰ অন্তৰ্গত নলিচা গাঁৱৰ ৰুবুল চৌধুৰীৰ সৈতে এবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল পিপলিবাৰীৰ লিপিকা হালৈ । স্বামী ৰুবুল চৌধুৰীয়ে কৰ্মসূত্ৰে গুৱাহাটীত বাস কৰে ৷ বোৱাৰীগৰাকীৰ এনেদৰে অকাল মৃত্যুক লৈ এতিয়া সমগ্ৰ বেলশৰ অঞ্চলত চাঞ্চল্যই বিৰাজ কৰিছে । লিপিকাৰ মৃত্যুক সহজভাৱে লব পৰা নাই বোৱাৰীগৰাকীৰ পৰিয়ালে ৷ 

ইফালে আজি পুৱা বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ সময়ত তেওঁৰ শহুৰেক ঘৰত নাছিল ৷ তেওঁ ঘৰত নথকা অৱস্থাত ঘটনাটো হোৱা বুলি সাংবাদিকৰ আগত সদৰী কৰে অভিযুক্ত শহুৰেকে । শহুৰেকে নলবাৰী চহৰত গৃহ নিৰ্মাণৰ কাম চলি থকাৰ বাবে মিস্ত্ৰীক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিবলৈ আহোঁতে বোৱাৰীগৰাকীয়ে পুখুৰীত কাপোৰ ধুবলৈ গৈ পিচলি পৰি অকাল মৃত্যুক সাৱটি লোৱাৰ সন্দেহ প্ৰকাশ কৰে  ।

লগতে পঢ়ক:Rangia Double Suicide case update: প্ৰবীণ আগৰৱালাক লগত লৈ মাতৃ কন্যাৰ আত্মহনন তদন্ত আগুৱাইছে আৰক্ষীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.