Murder case in Morigaon: ভাৰাঘৰত উলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:50 PM IST

thumbnail

মৰিগাঁও, 19 ছেপ্টেম্বৰ : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধ ৷ মৰিগাঁও চহৰৰ মাজমজিয়াত এগৰাকী মহিলাৰ মৃতদেহৰ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

ঘটনা বিৱৰণী অনুসৰি মঙলবাৰে পুৱা মৰিগাঁও পচতীয়াৰ 2 নং ৱাৰ্ডৰ ঊষা চাৰিআলিত এটা ভাৰাঘৰত আত্মীয় লোকে খবৰ ল’বলৈ আহি প্ৰত্যক্ষ কৰে মহিলাগৰাকীৰ মৃতদেহ । আত্মীয়ৰ মতে মৃতকৰ শৰীৰত নাছিল কোনো কাপোৰ ৷ মৃত মহিলাগৰাকীৰ বয়স প্ৰায় 25 বছৰ বুলি জানিব পৰা গৈছে । 

আনহাতে ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ মহিলাগৰাকীৰ প্ৰায় ডেৰমহীয়া মহীয়া কেঁচুৱাটো আঘাতপ্ৰাপ্ত হৈ থকা অৱস্থাত উদ্ধাৰ কৰিছে ৷  জানিব পৰামতে মহিলাগৰাকীৰ স্বামীয়ে কৰ্মসূত্ৰে মৰিগাঁও চিনেমা হলত নৈশ চকীদাৰৰ কাম কৰে । ঘটনা নিশাও স্বামী নথকা অৱস্থাতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব দিয়ে মৃত মহিলাগৰাকীৰ স্বামীয়ে ৷

ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে । মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত চলাই উল্লেখ কৰে যে, মৃত মহিলাগৰাকীৰ ডিঙিত গামোচা বন্ধা অৱস্থাত প্ৰত্যক্ষ কৰে। সেইবাবে মহিলাগৰাকীক কোনোবাই ডিঙই চেপি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে ৷ শেহতীয়াকৈ মৰিগাঁও আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও ছহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে মহিলাগৰাকীৰ কেনেকৈ মৃত্যু হ’ল সেয়া পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Gang Rape With Tribal Woman: জনজাতীয় মহিলাৰ দলবদ্ধ ধৰ্ষণৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.