ETV Bharat / bharat

Gang Rape With Tribal Woman: জনজাতীয় মহিলাৰ দলবদ্ধ ধৰ্ষণৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 10:19 PM IST

ছত্তিশগড়ৰ বেলগাহনা আৰক্ষী চকীৰ অন্তৰ্গত বিলাসপুৰত জনজাতীয় মহিলাক দলবদ্ধ ধৰ্ষণ ৷ ঘৰ্ষণৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ভুক্তভোগী মহিলাগৰাকীয়ে কৰ্মস্থলীৰ পৰা উভতি অহাৰ সময়ত তিনি যুৱকে বলপূৰ্বকভাৱে মদ্যপান কৰোৱাই আৰু তাৰ পিচত দলবদ্ধ ধৰ্ষণ কৰে ।

Gang Rape With Tribal Woman
জনজাতীয় মহিলাৰ দলবদ্ধ ধৰ্ষণৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ: ছত্তিশগড়ৰ বেলগাহনা আৰক্ষী চকীৰ অন্তৰ্গত বিলাসপুৰত এগৰাকী জনজাতীয় মহিলাক দলবদ্ধ ধৰ্ষণৰ লগত জড়িত তিনি অভিযুক্তক সোমবাৰে আৰক্ষী গ্ৰেপ্তাৰ কৰে ৷ ১৩ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড ৷ ভুক্তভোগী মহিলাগৰাকী শ্ৰমিক হিচাপে কাম কৰে । তেওঁ কৰ্মস্থলীৰ পৰা উভতি অহাৰ সময়ত তিনি যুৱকে বলপূৰ্বকভাৱে মদ্যপান কৰোৱাই আৰু তাৰ পিচত দলবদ্ধ ধৰ্ষণ কৰে ।

জানিব পৰা মতে, তিনি অভিযুক্তৰ ভিতৰত দুজন ভুক্তভোগী গাঁৱৰ বাসিন্দা । মহিলাগৰাকীক কৰ্মস্থলীৰ পৰা ঘৰলৈ অহাৰ সময়ত দুই যুৱকে লগ পাই মদ্যপান কৰিবলৈ দিয়ে ৷ কিন্তু মহিলাগৰাকীয়ে এই প্ৰস্তাৱ অগ্ৰাহ্য কৰাত দুয়ো অভিযুক্তই জোৰ-জবৰদস্তি তেওঁক মদ্যপান কৰোৱায় ৷ মদ্যপানৰ পাচত মহিলাগৰাকীয়ে চেতনা হেৰুওৱাত তিনিওৱে দলবদ্ধ ধৰ্ষণ কৰে ।

ভুক্তভোগী মহিলাগৰাকীয়ে চেতনা লাভ কৰাৰ পাচত ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ আৰক্ষী লগে লগে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু সোমবাৰে দলবদ্ধ ধৰ্ষণৰ লগত জড়িত তিনিও অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বেলগাহনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উমেশ চাহুৱে কয় যে, "আৰক্ষীয়ে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকক জেৰা অব্যাহত ৰাখিছে । তেওঁ লগতে অভিযুক্ত তিনিওটাই নিজৰ অপৰাধ স্বীকাৰ কৰাৰ কথা জানিবলৈ দিয়ে ।"

উল্লেখ্য যে, ছত্তীশগড়ত বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা । বিলাসপুৰৰ পূৰ্বে ৰায়পুৰতো দুগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছিল । পবিত্ৰ ৰাখী বন্ধনৰ দিনা সংঘটিত হৈছিল এই দলবদ্ধ ধৰ্ষণৰ ঘটনা ।

লগতে পঢ়ক: Police Constable Rape Woman : ৰাজস্থানত আৰক্ষী কনিষ্টবলৰ কামনাৰ বলি মহিলা; বিচনাত বান্ধি প্ৰহাৰ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.