Suspected Murder: লখৰাত কোঠাৰ ভিতৰৰ খোলা বাকচত উদ্ধাৰ মহিলাৰ মৃতদেহ

By

Published : Jun 1, 2023, 8:03 PM IST

thumbnail

গুৱাহাটী, ১ জুন : মহানগৰীৰ লালুং গাঁৱৰ এটা ভাড়াঘৰত ভয়ংকৰ ঘটনা (Woman body rescued at Lakhara )। লখৰাৰ লালুং গাঁৱৰ হাউছ নং 10  ত কোঠাৰ ভিতৰৰ খোলা বাকচত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ (Suspected Murder a woman)। জানিব পৰা মতে ৰাজু বৈশ্য নামৰ ব্যক্তিজনে পত্নীৰ লগত ভাড়াঘৰত বাস কৰিছিল । তাৰ পিচৰে পৰা ৰহস্যজনকভাৱে তিনিদিন ধৰি কোনো সন্ধান নাছিল ৰাজু বৈশ্যৰ। 

ইফালে ভাড়াঘৰটোৰ পৰা দুৰ্গন্ধ ওলাইছিল ৷ তাৰ পিচতে ভাড়াঘৰটোৰ কোঠাৰ দুৱাৰ খোলা প্ৰত্যক্ষ কৰি ভাড়াঘৰটোৰ মালিকে কোঠাৰ ভিতৰলৈ চাওঁতে মহিলাগৰাকীৰ মৃতদেহ এটা বাকচৰ ভিতৰত প্ৰত্য়ক্ষ কৰে ৷  লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়াত ঘনটাস্থলীত আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে কোঠাটোৰ ভিতৰৰ পৰা খোলা বাকচত ভৰাই থোৱা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ মৃত মহিলাগৰাকীৰ নাম বাসন্তী বৈশ্য বুলি জানিব পৰা গৈছে ৷  

ইফালে স্বামী ৰাজু বৈশ্যৰ তিনিদিনে কোনো সন্ধান নাই বুলি জানিবলৈ দিছে ভাড়াঘৰৰ মালিকে ৷ স্বামী ৰাজুৱে পত্নী বাসন্তীক নৃশংসভাৱে হত্যা কৰি বাকচত ভৰাই থৈ পলায়ন কৰা বুলি সন্দেহ কৰিছে ভাড়াঘৰৰ মালিক তথা স্থানীয় লোকে। 

লগতে পঢ়ক: Shooting case at Barpeta Road : বৰপেটাৰোডৰ CSP কেন্দ্ৰত গুলী ফুটাই ধন লুটৰ চেষ্টা দুই যুৱকৰ, আটক এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.