Protest against Bhupen Borah: ভূপেন বৰাৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ

By

Published : Jul 28, 2023, 8:32 PM IST

thumbnail

ৰঙিয়া,28 জুলাই: সমগ্ৰ ৰাজ্যতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে ৷ ৰঙিয়াটো বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰঙিয়া পৌৰসভাৰ সন্মুখৰ পৰা বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী সমদল আৰম্ভ কৰে সংগঠনটোৱে ৷ পৰৱৰ্তী সময়ত ৰঙিয়াৰ পুলিচ পইন্টত ভূপেন বৰাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷  

কেৱল প্ৰতিবাদে নহয়, বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কৰ্মীয়ে ভূপেন বৰাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এজাহাৰো দাখিল কৰে ৷ প্ৰতিবাদকাৰী সকলৰ দাবী, ‘12 ঘন্টাৰ ভিতৰত যদি ভূপেন বৰাক গ্ৰেপ্তাৰ নকৰিলে অধিক ভয়াবহ ৰূপত প্ৰতিবাদ কৰিম ৷ 12 ঘন্টাৰ সময় বান্ধি দিছো শীঘ্ৰে মুখ্যমন্ত্ৰী আৰু DGP য়ে ভূপেন বৰাক গ্ৰেপ্তাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷’

লগতে পঢ়ক:BTR Chief Pramod Bodo: অসাৱধান মন্তব্যই সমাজত বিশৃংখলতা সৃষ্টি কৰিব পাৰে ;BTR প্ৰধান প্ৰমোদ বড়ো

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.