উত্তৰ-পূৰ্বাঞ্চলত মিত্ৰজোঁটৰ বাহিৰে অন্য় ৰাজনৈতিক দলৰ সম্ভাৱনা নাই: কিৰেণ ৰিজিজু

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 7:31 PM IST

thumbnail

গোলাঘাট, ১৬ ডিচেম্বৰ :"আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলত মিত্ৰজোঁটৰ বাহিৰে অন্য় ৰাজনৈতিক দলৰ সম্ভাৱনা নাই । দুই এঠাইৰ বাদে এশ শতাংশ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হ'ব ।" এই মন্তব্য় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ । গোলাঘাটৰ সতী সাধনী ক'লাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য় আগবঢ়ায় । ইপিনে,তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ কয় যে উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছ সম্পুৰ্ণৰূপে উৎখাত হৈছে । যাৰ ফলত লোকসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হ'ব ।

বিকশিত ভাৰত সংকল্প যাত্ৰাই সৰ্বসাধাৰণ জনগণৰ পৰা সমাজৰ শেষৰজন ব্যক্তিলৈকে প্ৰভাৱ বিস্তাৰ কৰিব বুলি তেওঁ কয় । গোলাঘাটৰ সতী সাধনী ক'লাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত হৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে জনসাধাৰণৰ বাবে কৰা উন্নয়নৰ জয়যাত্ৰাৰ বিষয়ে অৱগত কৰে । প্ৰকৃত যোগ্য বক্তি যাতে কোনো কাৰণত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় । আজিৰ এই বিকশিত ভাৰত সংকল্প যাত্ৰাত জিলা আয়ুক্ত পি উদয় প্ৰবীণ, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন আদি উপস্থিত থাকে ।

লগতে পঢ়ক:নিৰ্বাচন আয়োগ দাঁত-নখহীন বাঘ হ’ব নেকি: সাংসদ ভূঞাৰ আশংকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.