Vijayadashami 2023 :ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক গুইজান ঘাটত বিসৰ্জন

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 4:38 PM IST

thumbnail

তিনিচুকীয়া, ২৪ অক্টোবৰ: আজি বিজয়া দশমী । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিব ভক্তসকলে । অন্ত পৰিব ৫ দিন ধৰি হৈ থকা দুৰ্গোৎসৱৰ উৎসৱমুখৰ পৰিৱেশৰ ৷ বিজয়া দশমী উপলক্ষে তিনিচুকীয়াৰ শতাধিক দুৰ্গা পূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিবলৈ ইতিমধ্যে জিলা প্ৰশাসনে সাজু কৰি ৰখা গুইজান ঘাটলৈ যাত্ৰা কৰিছে দুৰ্গাপূজা উদযাপন সমিতিয়ে ৷ পুৱাই অপৰাজিতা পূজা অনুষ্ঠিত হোৱাৰ পিচত ঠায়ে ঠায়ে অনুষ্ঠিত হয় সেন্দুৰ খেলা ৰীতিও । 

পুৱা বিজয়া দশমী উপলক্ষে ইতিমধ্যে সেন্দূৰ লগুৱা পৰ্ব সম্পন্ন কৰি তিনিচুকীয়া চহৰৰ প্ৰাণকেন্দ্ৰ থানা চাৰিআলি হৈ মা দুৰ্গাক লৈ ৰাওনা হৈছে গুইজানলৈ ৷ ইতিমধ্যে গুইজানঘাটত জিলা প্ৰশাসনে সকলো যাৱতীয় ব্যৱস্থা কৰাৰ লগতে নীতি-নিয়মৰ মাজেৰে আৰম্ভ হৈছে দশমীৰ বিসৰ্জনৰ কাৰ্যসূচী ।  

লগতে পঢ়ক:Vijayadashami 2023 : ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি বিসৰ্জন দিব ভক্তগণে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.