Open Trial for united Chirang Duar : চিৰাঙত ফুটবল খেলুৱৈ বাচনি প্ৰক্ৰিয়াত উপস্থিত হলিচৰন নাৰ্জাৰী

By

Published : May 28, 2023, 10:46 PM IST

Updated : May 28, 2023, 10:54 PM IST

thumbnail

চিৰাং, 28 মে’ : ইতিমধ্যে আৰম্ভ হৈছে চিৰাং দুৱাৰ ফুটবল ক্লাৱৰ সদস্য বাচনি প্ৰক্ৰিয়া (Open Trial for united chirang Duar) ৷ দেওবাৰে চিৰাঙৰ কাজল গাঁও খেলপথাৰত আৰম্ভ হোৱা খেলুৱৈ বাচনি পৰীক্ষাত উপস্থিত থাকে অসমৰ জনপ্ৰিয় ফুটবল খেলুৱৈ হলিচৰন নাৰ্জাৰী ৷ অসম ফুটবল সন্থাৰ সম্পাদক ড° ছাংগ্ৰাং ব্ৰহ্ম আৰু অসমৰ ফুটবল খেলুৱৈ হলিচৰন নাৰ্জাৰীৰ উপস্থিতিত খেলুৱৈ বাচনি কৰা হয় ।

চিৰাং দুৱাৰ ফুটবল ক্লাৱৰ সদস্য বাচনীৰ বাবে চিৰাং জিলা সদৰ কাজলগাঁওস্থিত ষ্টেডিয়ামত অসমৰ বিভিন্ন জিলাৰ পৰা অহা খেলুৱৈৰ ওপৰিও মধ্যপ্ৰদেশ, ৰাজস্থান, পশ্চিমবংগ, মেঘালয়কে আদি কৰি কেইবাখনো ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় (United Chirang Duar FC football trials in Assam) ৷

খেলুৱৈ বাচনি প্ৰক্ৰিয়াত উপস্থিত হৈ হলিচৰন নাৰ্জাৰীয়ে কয় যে অসমত বহু ভাল ভাল খেলুৱৈ আছে ৷ কিন্তু খেলৰ বাবে উপযুক্ত প্ৰশিক্ষণ নোপোৱাৰ হেতুকে ওলাই অহা নাই খেলুৱৈসকল । গতিকে অসম ফুটবল সন্থাই এই ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চয় পৰৱৰ্তী সময়ত ভাল ভাল খেলুৱৈ পাব অসমে ।

অসম ফুটবল সন্থাৰ সম্পাদক তথা বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° ছাংগ্ৰাং ব্ৰহ্মই কয়, ‘‘আমি চিৰাং দুৱাৰ ইউনাইটেড ফুটবল ক্লাৱৰ খেলুৱৈ বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰিছো ৷ য’ত অসমৰ বিভিন্ন জিলাৰ পৰা খেলুৱৈ অহাৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ পৰা খেলুৱৈ আহি অংশগ্ৰহণ কৰিছে । এয়া নিশ্চয়কৈ ফুটবলৰ বাবে শুভ লক্ষণ’’ ।

লগতে পঢ়ক : Assam Football: এইবাৰ অসমবাসীয়ে অসম ফুটবলত নতুনত্ব দেখিবলৈ পাব: শান্তনু পূজাৰী

Last Updated : May 28, 2023, 10:54 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.