TYPA slam govt on SC:ৰাজনৈতিক ৰহন সানি ছয় জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা চৰকাৰৰ : টাইপা

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 6:17 PM IST

thumbnail

মৰাণ, ২৭ ছেপ্টেম্বৰ: ২০২৪ৰ লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে পুনৰ ৰাজ্যত প্ৰাসংগিক হৈ উঠিছে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কৰাৰ দাবী । দীৰ্ঘদিন ধৰি অসম ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছে যদিও আজিও লাভ কৰা নাই জনজাতিকৰণৰ মৰ্যাদা। শাসনলৈ অহাৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মোদী চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছয় জনগোষ্ঠীৰ নেতৃত্বৰ সৈতে বহুবাৰ আলোচনাত মিলিত হৈছে এই সম্পৰ্কত । কিন্তু কাৰ্যতঃ জনজাতিকৰণ প্ৰক্ৰিয়া কাৰ্যকৰী নোহোৱাত সৰৱ হৈছে টাইপাৰ সভাপতি দিলীপ গগৈ ।

ডিব্ৰুগড়ৰ খনিকৰত টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ নৱ নিৰ্মিত টাইপাৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি জনজাতিকৰণৰ প্ৰসংগত চৰকাৰক তীব্ৰ সমালোচনা কৰে টাইপাৰ সভাপতি দিলীপ গগৈয়ে । জনজাতিকৰণক লৈ চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰা সন্দৰ্ভত সভাপতি দিলীপ গগৈয়ে কয়,"চৰকাৰে বাৰে বাৰে ললিপপ দিলেও আমি ভোল নাযাওঁ । আমাক জনজাতিকৰণ আৰু স্বায়ত্তশাসিত পৰিষদ লাগিবই ।"

জনজাতিকৰণৰ ক্ষেত্ৰত টাই আহোম যুৱ পৰিষদে কোনো ধৰণৰ আপোচ নকৰে বুলি সকীয়াই দি তেওঁ কয় যে দাবী মানি নল'লে অনাগত নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰত‍্যুত্তৰ দিয়া হ'ব । কেৱল চৰকাৰে নিৰ্বাচনী ইছ‍্যু হিচাপে জনজাতিকৰণৰ বিষয়টোক ৰাজনৈতিক ৰহন সানি ছয় জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰে বুলি কয় টাই আহোম যুৱ পৰিষদৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:World Tourism Day: তেজপুৰ তথা বিশ্বনাথঘাটৰ অপৰূপ সৌন্দৰ্যত বিমুগ্ধ পৰ্যটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.