ETV Bharat / state

World Tourism Day: তেজপুৰ তথা বিশ্বনাথঘাটৰ অপৰূপ সৌন্দৰ্যত বিমুগ্ধ পৰ্যটক

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 1:59 PM IST

World Tourism Day 2023
বিশ্ব পৰ্যটন দিৱস ২০২৩

২৭ ছেপ্টেম্বৰত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস । পৰ্যটন উদ্যোগক অধিক আকৰ্ষিত কৰিবলৈ এই দিৱসৰ আয়োজন কৰা হয় । অসমৰ বিভিন্ন ঠাইত পৰ্যটনৰ বিশেষ অঞ্চল আছে যদিও আমি গুৰুত্ব নিদিওঁ । অথচ এই সৌন্দৰ্য উপভোগ কৰিবলৈ আহে বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটক ।

তেজপুৰ, ২৭ ছেপ্টেম্বৰ : আজি বিশ্ব পৰ্যটন দিৱস । প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰৰ দিনটোত পৰ্যটন উদ্যোগক অধিক আকৰ্ষিত কৰিবলৈ এই দিৱস উদযাপন কৰা হয় । এই বছৰ বিশ্ব পৰ্যটন দিৱসৰ বিষয়বস্তু হৈছে পৰ্যটন আৰু সেউজ বিনিয়োগ, যিয়ে পৰিৱেশৰ প্ৰতি দায়বদ্ধ পৰ্যটন পদ্ধতিৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰে । পৰ্যটনত সেউজ বিনিয়োগৰ লক্ষ্য হৈছে উদ্যোগটোৰ পৰিৱেশগত পদাংক কম কৰা, বহনক্ষম ভ্ৰমণৰ প্ৰসাৰ আৰু প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰা বিষয়ত গুৰুত্ব আৰোপ কৰা ।

দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটন ক্ষেত্ৰৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন ঠাইত পৰ্যটনৰ বিশেষ ঠাই আছে । ইয়াৰ ভিতৰত শোণিতপুৰ আৰু বিশ্বনাথত এনে ধৰণৰ ঠাই ভ্ৰমণৰ বাবে উপযোগী বুলি কব পাৰি । শেহতীয়াকৈ দেশৰ পৰ্যটন বিভাগে বিশ্বনাথৰ বিশ্বনাথঘাট ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচিত কৰিছে । তেজপুৰ ঐতিহাসিক দ' পৰ্বতীয়া গেট বিশ্ব পৰ্যটনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । বৰ্তমান পুৰাতত্ব বিভাগে তত্বাৱধানত ৰাখিছে । এই দ' পৰ্বতীয়া গেট বা তোৰণ গুপ্তযুগতে স্থাপন কৰা খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ শৈল ভাস্কৰ্য । দ' পৰ্বতীয়া তোৰণত অনুনাকীৰ চিহ্ন পোৱা যায় । গুপ্তযুগতে শিলত খোদিত কৰা দ-পৰ্বতীয়াৰ শৈল ভাস্কৰ্য পৰৱৰ্তী সময়ত পোৱা গৈছিল । এই শৈল ভাস্কৰ্যত দেখিবলৈ পোৱা যায় অনুনাকী সদৃশ দৃশ্য অৰ্থাৎ সৰ্পৰ আকৃতি ।

World Tourism Day 2023
বিশ্ব পৰ্যটন দিৱস ২০২৩

তেজপুৰৰ চিত্ৰলেখা উদ্যান, বামুনি পাহাৰ আদিত এই শৈল ভাস্কৰ্য দেখিবলৈ পোৱা যায় । এই অঞ্চললৈ দৈনিক পৰ্যটকৰ আগমন ঘটে । লগতে অগ্নিগড়, ভৈৰৱী মন্দিৰ ,এছিয়াৰ প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰত দৈনিক পৰ্যটকৰ সমাগম হয় । পৰ্যটন মন্ত্ৰালয়ৰ ২০২৩ চনৰ ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ৭৯১ খন আবেদনৰ ভিতৰত দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথঘাট নিৰ্বাচিত হৈছে । অসমৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব এতিয়া গুপ্তকাশী বিশ্বনাথঘাটে ।

উল্লেখ্য যে, গুপ্তকাশী বিশ্বনাথঘাটে আজিও আহোম যুগৰ সাক্ষী বহন কৰি আহিছে । আহোম ৰজা সকলৰ বহু কীৰ্তি চিহ্ন আজিও গুপ্তকাশী বিশ্বনাথঘাটত সজীৱ হৈ আছে । বৃটিছ শাসন কালতো এই গুপ্তকাশী বিশ্বনাথঘাটতে স্থাপন কৰা হৈছিল জাহাজঘাট । ২৭ খন বিভিন্ন দেৱালয়ৰে পৰিপূৰ্ণ, ক্ষুদ্ৰতম নদী দ্বীপ উমাটুমণি, দক্ষিণে নাৱৰে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙালৈ যাব পৰাৰ সুব্যৱস্থা, নদীদ্বীপ উমাটুমণিক সংলগ্ন কৰিবলৈ ৰ'পৱে নিৰ্মাণ কৰাৰ যো-জা, এক সুন্দৰ গ্ৰাম্য পৰ্যটন থকা স্থান বিশ্বনাথঘাটক পৰ্যটন মন্ত্ৰালয়ে উপযুক্ত মৰ্যদা প্ৰদান কৰে ।

আনহাতে, শোণিতপুৰৰ অসম -অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চাৰিদুৱাৰ অঞ্চলত থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যান পৰ্যটনৰ এক আকৰ্ষণীয় ঠাই । তদুপৰি পৰ্যটকৰ বাবে জীয়াভৰলী নদীত ৰাফটিং,ভিন্ন প্ৰজাতিৰ চৰাই দেওহাঁহ, বন গাহৰিৰ লগতে ঢেকীয়াপতিয়া বাঘৰ বিচৰণথলী সংৰক্ষণৰ ব্য়ৱস্থা কৰিব লাগিব ।

লগতে পঢ়ক:Model handloom village: বাক্সাত স্থাপন কৰিব আদৰ্শ হস্ততাঁত গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.