Drugs seized in Hojai: হোজাইত ড্ৰাগছসহ দুই মহিলা আৰু এজন যুৱকক আটক

By

Published : Aug 8, 2023, 4:36 PM IST

thumbnail

হোজাই,৮ আগষ্ট: হোজাই আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা । সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ৬৬০ গ্ৰাম নিষিদ্ধ ককেইন । জব্দকৃত ককেইনখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হ'ব বুলি জানিব পৰা গৈছে ।  

এক গোপন সূত্ৰৰ পম খেদি নিশা জামুহণ্ডলৰ পৰা জব্দ কৰে উক্ত ককেইনসমূহ । অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লব তামুলীৰ নেতৃত্বত চলিছিল এই অভিযান । এই অভিযানকালত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুই মহিলাসহ এজন যুৱকক ।  

আটকাধীন কেইজন ক্ৰমে , মফিদা বেগম, খুদেজা বেগম আৰু আতাউৰ ৰহমান বুলি জানিবপৰা গৈছে । অভিযানকালত জব্দ কৰা হয় AS12AA2630 নম্বৰৰ এখন চাৰিচকীয়া বাহন । ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবপৰা গৈছে । 

লগতে পঢ়ক: Teenage girl torture in Tinsukia : বনকৰা কিশোৰীৰ গাত গৰম পানী ঢালি আটক আটছা নেতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.