Road Accident: ট্ৰেভেলাৰৰ খুন্দাত নিহত দুই বাইক আৰোহী

By

Published : Dec 25, 2022, 10:44 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ধেমাজি জিলাৰ কুলাজান-বগীবিল পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Dhemaji) ৷ শনিবাৰে নিশা প্ৰায় ৬.৩০ বজাত কুলাজান-বগীবিল পথৰ টঙানি দলঙৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ চিলাপথাৰ দিশৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS 06 BC 3385 নম্বৰৰ এখন ট্ৰেভেলাৰ গাড়ীখনে বিপৰীত দিশৰ পৰা আহি থকা AS 06 V 1512 নম্বৰৰ হিৰ’ ছুপাৰ স্প্লেণ্ডাৰ মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘর্ষৰ ফলত থিতাতে নিহত হয় দুই বাইক আৰোহী (Two died in road accident) ৷ আনহাতে এই দুৰ্ঘটনাত ট্ৰেভেলাৰখনত অহা দহ গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ জানিব পৰা মতে চৰাইদেও জিলাৰ সোণাৰিৰ পৰা ট্ৰেভেলাৰখনত এটা দলে বনভোজ খাবলৈ চিমেন চাপৰিলৈ গৈছিল ৷ বনভোজ খাবলৈ যোৱা দলটো ঘৰলৈ উভতি অহাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হয় (Picnic party Traveler met an accident) ৷ ঘটনাস্থলীত ডাম্বুক আৰু চিলাপথাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ এতিয়ালৈ নিহত লোক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.