Heavy rainfall in Guwahati : বশিষ্ঠত কালি মন্দিৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ

By

Published : Jun 11, 2023, 2:02 PM IST

thumbnail

গুৱাহাটী, ১১ জুন : মহানগৰীত অঘটন ৷ শনিবাৰে নিশা অহা এজাক প্ৰবল বৃষ্টিপাতৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত বহু ক্ষয় ক্ষতি হোৱা দেখা যায় । তথ্য অনুসৰি, নিশা অহা ধুমুহা-বতাহত বশিষ্ঠস্থিত ঐতিহাসিক কালী মন্দিৰত এডাল প্ৰকাণ্ড গছ বাগৰি সম্পূৰ্ণ ৰূপে ভাঙি পৰে ৷ ফলত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে মন্দিৰটো (Tree fell at Basishta due to heavy rain) ৷

জানিব পৰা মতে, ১৯৭৫ চনত স্থাপন কৰা হৈছিল এই মা কালীৰ মন্দিৰটো । বিগত প্ৰায় দুটা দিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হয় এই ঘটনাটো । অৱশ্যে মন্দিৰৰ ভিতৰত থকা শিলৰ মূৰ্তিটোৰ কিন্তু কোনো ধৰণৰ ক্ষতি পৰিলক্ষিত হোৱা নাই ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি প্ৰচণ্ড গৰমে দহিছিল ৰাজ্যবাসীক । প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে বিচাৰিছিল এজাক বৰষুণ । অৱশেষত যেন আশীৰ্বাদ স্বৰূপে আহিল বাট চাই থকা বৰষুণজাক (Heavy rainfall in Guwahati)।

কিন্তু আৰ্শীবাদ স্বৰূপে অহা বৰষুণজাকো যেন একাংশ মহানগৰীৰ বাবে সৃষ্টি হ’ল অভিশাপৰ । কিয়নো এজাক বৰষুণতে মহানগৰীত সৃষ্টি হ’ল কৃত্ৰিম বানৰ । আমকি মহানগৰীৰ চান্দমাৰি, ৰাজগড়, অনিল নগৰ, নবীন নগৰ, হাটীগাঁও, বেলতলা, ওৱাৰলেছকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হ’ল ।

সমান্তৰালভাৱে বিভিন্ন ঠাইত উভালি পৰিল গছ । যোৱা নিশা একেৰাহে অহা বৰষুণজাকৰ ফলত কালী মন্দিৰটোৰ ওপৰত গছ উভালি পৰা ঘটনাই চিন্তিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজৰ মাজত ৷

লগতে পঢ়ক : Artificial flood in Guwahati: বৰষুণ আহিল গুৱাহাটী মহানগৰ ডুবিল; এইদৰে আৰু কিমান দিন...?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.