Artificial flood in Guwahati: বৰষুণ আহিল গুৱাহাটী মহানগৰ ডুবিল; এইদৰে আৰু কিমান দিন...?

By

Published : Jun 9, 2023, 1:00 PM IST

thumbnail

গুৱাহাটী, ৯ জুন : পুনৰ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী মহানগৰী (Artificial flood in Guwahati) ৷ এজাক বৰষুণতে ডুব গ’ল মহানগৰীৰ বাট-পথ ৷ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনো সুদোত্তৰ লাভ কৰা নাই মহানগৰবাসীয়ে ৷ ফলত বছৰৰ পিচত বছৰ ধৰি জলা-কলা খাই আহিছে মহানগৰবাসীয়ে ৷

ইফালে দিনদিনে বৃদ্ধি পোৱা তাপমাত্ৰাৰ বাবে মহানগৰবাসী অপেক্ষা কৰিছিল এজাক বৰষুণলৈ ৷ বহু অপেক্ষাৰ অন্তত বৃহস্পতিবাৰে নিশা আহিল মহানগৰবাসীৰ আশাৰ বৰষুণজাক ৷ কিন্তু এই আশাৰ বৰষুণজাকে এতিয়া বিপাঙত পেলাইছে মহানগৰবাসীক ৷

মহানগৰীৰ ঠায়ে ঠায়ে হৈছে একাঁঠু পৰ্যন্ত পানী । কি চানমাৰি, কি বামুণীমৈদাম নাইবা ৰাজগড়, অনিল নগৰ, নবীন নগৰ ৷ হাতীগাঁও, পাঞ্জাবাৰী, বেলতলা, ৱায়াৰলেছকে আদি কৰি বিভিন্ন অঞ্চল এজাক বৰষুণৰ পাচতেই এতিয়া জলমগ্ন হৈ পৰিছে (Flood in Guwahati)।

মহানগৰীৰ বিভিন্ন অঞ্চলৰ নলা-নর্দমাসমূহ বিজ্ঞানসন্মতভাৱে নির্মাণ নকৰা আৰু নলা-নর্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলতেই মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ ইফালে মহানগবাসীৰ পানীৰ সুবিধা কৰি দিবৰ বাবে জাইকাই ঠায়ে ঠায়ে খান্দিছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ এই গাঁতসমূহ এতিয়া মৰণফাণ্ডত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷

বৃহস্পতিবাৰে নিশা অহা বৰষুণজাকৰ ফলত জাইকাই খন্দা গাঁতবোৰ পানীৰে উপচি পৰিছে ৷ ফলত মৰণ ফান্দত পৰিণত হোৱা গাঁতবোৰত এতিয়া সোমাই পৰিছে বিভিন্ন বাহন ৷

লগতে পঢ়ক : Mission Flood free Guwahati: আকাশ মাৰ্গৰে মহানগৰীৰ নৈ-জলাশয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.