সাৱধান, সুৰাপান কৰি বাহন চলালেই ভৰিব জৰিমনা

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 2:09 PM IST

Updated : Dec 23, 2023, 2:30 PM IST

thumbnail

গুৱাহাটী,২৩ ডিচেম্বৰ: সুৰাপায়ী চালকলৈ সাৱধানবাণী পৰিৱহন বিভাগৰ । উৎসৱৰ বতৰত সুৰাপান কৰি গাড়ী চলালেই হ'ব লাগিব ৰঙা ঘৰৰ আলহী । ভৰিব লাগিব ১০ হাজাৰ টকা জৰিমনা । বাতিল হ'ব লাইচেন্স । মাঘ বিহু লৈকে সুৰাপায়ী চালকৰ বিৰুদ্ধে ওৰে নিশা চলিব পৰিবহন বিভাগৰ অভিযান । ইফালে বনভোজ দললৈকো সতৰ্কবাণী কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া হিমাংশু দাসৰ ।  

বনভোজ দল কঢ়িওৱা বাহনৰ চালকে কৰিব নোৱাৰিব সুৰাপান । শনিবাৰৰে পৰা বনভোজথলী সমূহতো সজাগ কৰা হ'ব বুলি মন্তব্য কৰে জিলা পৰিবহন বিষয়াগৰাকীয়ে । বৰদিন আৰু নৱবৰ্ষৰ প্ৰাকক্ষণত পৰিবহন বিভাগৰ উদ্যোগত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে অনুষ্ঠিত কৰা হয় এক সজাগতামূলক অনুষ্ঠান । উলুবাৰী নেহেৰু ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত হয় এই কাৰ্যসূচী ।  

পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানৰ । অনুষ্ঠানৰ আৰম্ভণিতে জালুকবাৰীত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ছাত্ৰ কেইজনৰ হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় । উৎসৱৰ সময়ত সকলোকে সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান জনায় পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে । বছৰটোৰ শেষত আৰু নৱবৰ্ষৰ আৰম্ভণিতে পথ দুৰ্ঘটনাত যাতে কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ বাবে সকলোকে পথ-সুৰক্ষা নীতিসমূহ মানি চলিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: আৰক্ষী চকীৰ চোতালত উদ্ধাৰ সদ্যোজাত শিশুৰ মৃতদেহ

Last Updated : Dec 23, 2023, 2:30 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.